ETV Bharat / state

লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য

কলিয়াবৰবাসীৰ সুবিধাৰ্থে জলসম্পদ বিভাগে প্ৰায় ১৩৫ কোটি টকা ব্যয় সাপেক্ষে হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ অংশ কাটি সম্পূৰ্ণ মুকলি কৰি তাত শ্লুইছ গে'ট স্থাপনৰ কাম আৰম্ভ কৰিছিল । ইতিমধ্যে কামো চলি আছে, কিন্তু নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা প্ৰতিস্থানটোৰ কামৰ লেহেমীয়া গতি দেখি এতিয়া চিন্তিত স্থানীয় ৰাইজ তথা জিলাখনৰ বিভিন্ন দল সংগঠন ।

লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য
লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য
author img

By

Published : Mar 6, 2021, 5:28 PM IST

কলিয়াবৰ, ৬ মাৰ্চ: বাৰিষালৈ আৰু বেছি দিন নাই ৷ তেনে সময়তে এতিয়া কলিয়াবৰবাসীৰ বাবে চিন্তাৰ কাৰণ হৈছে নিৰ্মীয়মান শ্লুইছ গে'ট । কলিয়াবৰবাসীৰ সুবিধাৰ্থে জলসম্পদ বিভাগে প্ৰায় ১৩৫ কোটি টকা ব্যয় সাপেক্ষে হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ অংশ কাটি সম্পূৰ্ণ মুকলি কৰি তাত শ্লুইছ গে'ট স্থাপনৰ কাম আৰম্ভ কৰিছিল । ইতিমধ্যে কামো চলি আছে কিন্তু নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা প্ৰতিস্থানটোৰ কামৰ লেহেমীয়া গতি দেখি এতিয়া চিন্তিত স্থানীয় ৰাইজ তথা জিলাখনৰ বিভিন্ন দল সংগঠন । নিৰ্মাণকাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে দল-সংগঠমসমূহে উত্থাপিত কৰিছে লেহেমীয়া কামৰ অভিযোগ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ এটা দলে কলঙৰ মুখত স্থাপন কৰা শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য অতি মন্থৰ গতিত চলা বুলি আক্ষেপ প্ৰকাশ কৰাৰ লগতে কাম সমূহ ক্ষিপ্ৰতাৰে কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষকক দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে ।

লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য

উল্লেখ্য যে, বাৰিষালৈ মাজত এটা মাহো বাকী নথকা সময়ত মথাউৰিটো সম্পূৰ্ণ উন্মুক্ত হৈ থকাত শংকিত স্থানীয় ৰাইজ । অতি শীঘ্ৰে শ্লুইছ গে'টৰ কাম সম্পূৰ্ণ কৰি মথাউৰিটোৰ উন্মুক্ত অংশ বন্ধ নকৰিলে ২০১৭ চনৰ দৰে অহা বাৰিষাতো কলিয়াবৰবাসীয়ে পুনৰ বানৰ কবলত পৰাৰ আশংকা কৰিছে যুৱ ছাত্ৰ পৰিষদে । কিন্তু এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য সমাপ্ত হ'ব বুলি প্ৰকাশ কৰে নিৰ্মাণকাৰী সংস্থাৰ অভিযন্তাই ।

আনহাতে কলঙৰ বুকুত চলোৱা খনন কাৰ্যতো বিসংগতিৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ । কলঙৰ বুকুৰ পৰা খন্দা বালি-মাটি কলঙৰ কাষতে জমা কৰি ৰখাৰ ফলত এজাক বৰষুণতে খন্দা মাটি পুনৰ কলঙৰ বুকুলৈ বাগৰি যোৱাৰ আশংকা কৰিছে তেওঁলোকে । জলসম্পদ বিভাগক বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে ।

লগতে পঢ়ক:বোকাজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.