ETV Bharat / state

কেৰালাৰ বাছ চালকৰ বাবে নগাঁও জিলা উপায়ুক্তৰ পদক্ষেপ

কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্যত আংশিক লকডাউন বলবৎ হোৱাৰ পাচতে অসমত আৱদ্ধ হৈ পৰিছে বহিঃৰাজ্যৰ বহুলোক ৷ কেইদিনমানৰ পূৰ্বে নগাঁৱলৈ অহা কেৰালাৰ বাহন সমূহৰ চালক আৰু পৰিচালকসকল আৱদ্ধ হৈ পৰিছে জিলাখনত ৷ চালক আৰু পৰিচালকৰ সমস্যাৰ প্ৰতি লক্ষ্য় ৰাখি বৃহস্পতিবাৰে নগাঁও জিলাৰ উপায়ুক্তই ভিডিঅ' কণফাৰেঞ্চ যোগে কেৰালাৰ পৰিবহন আয়ুক্তৰ লগত বাৰ্তালাপ কৰে ৷

author img

By

Published : May 21, 2021, 8:44 AM IST

Kerala bus driver stranded in Nagaon
নগাঁৱত আৱদ্ধ কেৰেলাৰ বাছ চালক

মৰিগাঁও, 21 মে': কৰ'ণা মহামাৰীৰ কৱলত সমগ্ৰ ৰাজ্য ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্যত আংশিক লকডাউন বলৱৎ হোৱাৰ পাচতে অসমত আৱদ্ধ হৈ পৰিছে বহিঃৰাজ্যৰ বহুলোক ৷ আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে আন্তঃ জিলা পৰিৱহন ব্যৱস্থা তাৰ মাজতে কেইদিনমানৰ পূৰ্বে নগাঁৱলৈ অহা কেৰালাৰ বাহন সমূহৰ চালক আৰু পৰিচালকসকল আৱদ্ধ হৈ পৰিছে জিলাখনত ৷

প্ৰায় 20 দিন ধৰি আৱদ্ধ হৈ থকা বাছ চালক আৰু হেণ্ডিমেনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছিল বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় প্ৰশাসনে ৷ কিন্তু সেয়াই যথেষ্ট নহয় বাছ চালক আৰু হেণ্ডিমেন সকলৰ বাবে ৷ সম্প্ৰতি হাতত ধন নথকাৰ বাবেই খাদ্য আৰু অৰ্থ সংকটত ভুগি আছে বাছ শ্ৰমিকসকল।

চালক আৰু পৰিচালক সকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য় ৰাখি বৃহস্পতিবাৰে নগাঁও জিলাৰ উপায়ুক্তই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষৰ পৰা ভিডিঅ' কনফাৰেঞ্চ যোগে কেৰালাৰ পৰিবহন আয়ুক্তৰ লগত বাৰ্তালাপ কৰে ৷ লগে লগে চালক আৰু পৰিচালকসকলৰ সমস্যা সমাধানৰ বাবে তৎক্ষণিক সিদ্ধান্ত লোৱা হ'ব বুলি পৰিবহন আয়ুক্ত গৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.