নগাঁও, 09 আগষ্টঃ নগাঁও জিলাৰ জুৰীয়াৰ কান্ধুলীমাৰী , কটকী হৈ মেলেকাধিংলৈ যোৱা পথটোৰ নিমাৰ্ণকাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা পথটো নিমাৰ্ণৰ বাবে 2018-19 বৰ্ষত S.O.P.D আঁচনিৰ অধীনত 1 কোটি 72 লাখ টকাৰ আৱণ্টন দিয়া হৈছিল ৷ কিন্তু পৰৰ্বতী সময়ত পথটো নিমাৰ্ণৰ বাবে ঠিকা লাভ কৰা আবু বক্কৰ ছিদ্দিকে গ্ৰেভেল,শিলগুটি নিদিয়াকৈ কেৱল মাটিৰ ওপৰত ব্লক বহুৱাই অতি নিম্নমানৰ কাম কৰাত জাঙুৰ কাই উঠিছে স্থানীয় ৰাইজ ৷ ইতিমধ্য ক্ষোভিত ৰাইজে ঠিকাদাৰজনৰ বিৰুদ্ধে জুৰীয়া থানাত গোচৰ ৰুজু কৰিছে ৷
জুৰীয়াত পথ নিৰ্মাণত অনিয়ম, ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু - police
দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত সংঘটিত হৈ আছে ব্যাপক অনিয়ম, জুৰীয়াত ঠিকাদাৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু স্থানীয় ৰাইজৰ
নগাঁও, 09 আগষ্টঃ নগাঁও জিলাৰ জুৰীয়াৰ কান্ধুলীমাৰী , কটকী হৈ মেলেকাধিংলৈ যোৱা পথটোৰ নিমাৰ্ণকাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা পথটো নিমাৰ্ণৰ বাবে 2018-19 বৰ্ষত S.O.P.D আঁচনিৰ অধীনত 1 কোটি 72 লাখ টকাৰ আৱণ্টন দিয়া হৈছিল ৷ কিন্তু পৰৰ্বতী সময়ত পথটো নিমাৰ্ণৰ বাবে ঠিকা লাভ কৰা আবু বক্কৰ ছিদ্দিকে গ্ৰেভেল,শিলগুটি নিদিয়াকৈ কেৱল মাটিৰ ওপৰত ব্লক বহুৱাই অতি নিম্নমানৰ কাম কৰাত জাঙুৰ কাই উঠিছে স্থানীয় ৰাইজ ৷ ইতিমধ্য ক্ষোভিত ৰাইজে ঠিকাদাৰজনৰ বিৰুদ্ধে জুৰীয়া থানাত গোচৰ ৰুজু কৰিছে ৷
Body: দুৰ্নীতিৰ ক্ষেত্ৰত সততে শূণ্য সহনশীলতাৰ কথা কৈ অহা শাসনাধিষ্ঠীত বিজেপি চৰকাৰ খনৰ কাৰ্যকালতে এতিয়া দুৰ্নীতি অনিয়মে সীমা অতিক্ৰম কৰিছে।বিশেষকৈ গ্ৰামাঞ্চলৰ পথ নিৰ্মানৰ ক্ষেত্ৰত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ অবৈধ মিতিৰালিৰ বাবেই এতিয়া পথৰ অৱস্থা শোচনীয় হৈ পৰিছে।জুৰীয়াত অতি নিম্ন মানৰ কোটি টকীয়া এটা পথৰ নিৰ্মানকাৰ্যত হোৱা ব্যাপক অনিয়ম প্ৰত্যক্ষ কৰিলে আপোনাৰো চকু কপালত উঠিব।বিভাগীয় বিষয়া কৰ্মচাৰীৰ সহযোগত পথছোৱা নিৰ্মানত ঠিকাদাৰে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবীত ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰাৰ লগতে আৰক্ষী থানাত গোচৰো তৰিবলৈ বাধ্য হয়। জুৰীয়াৰ কান্ধুলীমাৰী ,কটকী হৈ মেলেকাধিংলৈ যোৱা পথছোৱা নিৰ্মানৰ বাবে ২০১৮-১৯ বৰ্ষত S.O.P.D আচনিৰ অধীনত ১কোটি ৭২লাখ টকাৰ আৱণ্টন দিয়ে।ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা পথছোৱাৰ ঠিকা লাভ কৰা আবু বক্কৰ ছিদ্দিকে অতি নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।চেণ্ড গ্ৰেভেল,শিলগুটি নিদিয়াকৈ কেৱল মাটিৰ ওপৰত ব্লক বহুৱাই কাম কৰাত ৰাইজ জাঙুৰ খাই উঠিছে।ইতিমধ্যে নিৰ্মীয়মান অৱস্থাতে পথছোৱা ভাগিবলৈ ধৰিছে।ক্ষুব্ধ ৰাইজে নিম্নমানৰ চি চি ব্লক সমূহ আতৰাই নিয়াৰ দাবী উত্থাপন কৰাৰ লগতে নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰিছে ৷
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion: