ETV Bharat / state

ধুবুৰীত চলিছে আন্তঃৰাষ্ট্ৰীয় শিল ছিণ্ডিকেট

author img

By

Published : May 26, 2021, 7:50 PM IST

ভাৰত, বাংলাদেশ আৰু ভূটান চৰকাৰৰ মাজত হোৱা ত্ৰি-পাক্ষিক চুক্তিৰ ভিত্তিত ভূটানৰ পৰা ধুবুৰীৰ জাহাজ ঘাট হৈ জলপথেৰে বাংলাদেশলৈ চলিছে শিলৰ ৰপ্তানি । বিলাসীপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক প্ৰায় চল্লিশৰ পৰা পঞ্চল্লিশ টনলৈকে অতিৰিক্ত শিল কঢ়িয়াই নিয়া হৈছে বাংলাদেশলৈ ৷

international stone syndicate in dhubri
ধুবুৰীত চলিছে আন্তঃৰাষ্ট্ৰীয় শিল ছিণ্ডিকেট

ধুবুৰী, 26 মে': ধুবুৰীত দীর্ঘদিনে চলি আহিছে বন বিভাগৰ বৃহৎ ছিণ্ডিকেট। কেতিয়াবা যদি বালিৰ ছিণ্ডিকেট, কেতিয়াবা আকৌ শিলৰ ছিণ্ডিকেট। ভাৰত, বাংলাদেশ আৰু ভূটান চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত ভূটানৰ পৰা ধুবুৰীৰ জাহাজ ঘাটহৈ জলপথেৰে বাংলাদেশলৈ চলিছে শিলৰ ৰপ্তানি। ভূটানৰ পৰা কোকৰাঝাৰ হৈ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিল ভৰ্তি ট্ৰাক প্ৰৱেশ কৰে ধুবুৰী জাহাজ ঘাটত। গোপন তথ্য অনুসৰি, দুখন বিশেষ ট্ৰাকেৰে দৈনিক প্ৰায় চল্লিশৰ পৰা পঞ্চল্লিশ টনলৈকে অতিৰিক্ত শিল কঢ়িয়াই নিয়া হৈছে বাংলাদেশলৈ ৷

উল্লেখ্য যে, নিয়ম অনুসৰি এখন 12 চকীয়া ট্ৰাকত 25 টন আৰু 14 চকীয়া ট্ৰাকত 30 টনলৈকে শিল কঢ়িয়াই নিব পাৰে যদিও নিয়মতকৈ বহু পৰিমাণৰ শিল অতিৰিক্তভাৱে কঢ়িওৱা হৈছে প্ৰতিখন ট্ৰাকত। ফলত ভাৰত চৰকাৰক প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দিছে ছিণ্ডিকেটৰ মালিক সমূহে ৷

ৰাজ্যত সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে ভূটানৰ পৰা কোকৰাঝাৰ হৈ ধুবুৰীত প্ৰৱেশ কৰা এই শিলৰ ট্ৰাকসমূহলৈ দৃষ্টি নপৰে বন বিভাগ অথবা পৰিবহন বিভাগৰ লগতে আৰক্ষীৰ। ইপিনে, মাজে সময়ে অভাৰ লোডিং কৰি শিল কঢ়িওৱা হয় বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে ট্ৰাক চালকে।

ভূটানৰ ছানৰাইজ নামৰ এক্সপোৰ্ট এজেঞ্চিয়ে কলকতাৰ ৰাজীৱ মুখাৰ্জী নামৰ এজন ব্যক্তিৰ মধ্যস্থতাত চয়েল ৰানা নামৰ বাংলাদেশৰ ইম্পোৰ্টাৰলৈ চলি আছে এই শিল ৰপ্তানি । কলকতাৰ ৰাজীৱ মুখাৰ্জীৰ নেতৃত্বত এই আন্তঃৰাষ্ট্ৰীয় শিলৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে ৷ কিন্তু কাৰ আশীৰ্বাদ আৰু কাৰ সেউজ সংকেত লাভ কৰি অতিৰিক্ত শিল ভৰ্তি ট্ৰাক ভূটানৰ পৰা ধুবুৰী হৈ বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে সেয়াই এক বৃহৎ প্ৰশ্ন হৈ পৰিছে ।

আনহাতে, শিল ৰপ্তানিকাৰী আৰু ছিণ্ডিকেট চক্ৰই আৰক্ষী আৰু বন বিভাগক মেনেজ কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি দিয়ে এজন ট্ৰাক চালকে। এই আন্তঃৰাষ্ট্ৰীয় শিল ছিণ্ডিকেটৰ ক্ষেত্ৰত উচিত তদন্তৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ধুবুৰী জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমূল হকে।

লগতে পঢ়ক: অসম-অৰুণাচল সীমান্তত জব্দ 10 কুইণ্টল চোৰাং চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.