ETV Bharat / state

নগাঁও বন বিভাগৰ অভিযানত জব্দ অবৈধভাৱে কাঠ কঢ়িওৱা বাহন

author img

By

Published : Nov 4, 2020, 5:45 PM IST

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আঞ্চলিক বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই নগাঁৱৰ পানীখাইতিৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বাহনখন ৷

illigel wood seized nagaon forest
নগাঁও বন বিভাগৰ অভিযানত জব্দ অবৈধভাৱে কাঠ কঢ়িওৱা বাহন

নগাঁও,4 নৱেম্বৰঃ নগাঁও কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়। মঙলবাৰে নিশা নগাঁও বন বিভাগে জব্দ কৰে অবৈধভাৱে কাঠ কঢ়িওৱা এখন বাহন। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আঞ্চলিক বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই নগাঁৱৰ পানীখাইতিৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বাহনখন।

বন বিভাগৰ লোকে বৈধ নথি পত্ৰ বিচাৰে যদিও বন বিভাগক কোনো বৈধ নথি পত্ৰ দেখুৱাব পৰা নাই। চোৰাংকৈ সৰবৰাহ কৰাৰ সন্দেহত চেগুন কাঠ ভৰ্তি বাহনখন জব্দ কৰে বন বিভাগৰ দলটোৱে।

ইপিনে চালান জালিয়াতিৰে শিল কঢ়িওৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে নগাঁও আঞ্চলিক বন সুৰক্ষা বাহিনীৰ দলে শিল কঢ়িওৱা বাহন এখনো জব্দ কৰে। বাহনখনৰ লোকে এখন চালান দেখুৱাইছে যদিও চালানখনো সন্দেহজনক বুলি দাবী কৰিছে বন বিভাগৰ লোকে।

লগতে পঢ়কঃ নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.