বঢ়মপুৰ, 12এপ্ৰিল: ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাৰ ব্যৱসায় ৷ নিশা কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ হৈছে অবৈধ কয়লা ভৰ্তি ট্ৰাক ৷ নিশা কঠিয়াতলী আৰক্ষীয়ে পহৰাৰ সময়ত জব্দ কৰে এখন অবৈধ কয়লা আৰু এখন চুপাৰী ভৰ্তি ট্ৰাক ৷ লগতে জব্দ কৰে ৩খন গুৰ ভৰ্তি ট্ৰাকো । ক'ৰ পৰা কʼলৈ এই অবৈধ কয়লা সমূহ সৰবৰাহ কৰা হৈছিল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও গুৰ সমূহ লংকা, খেৰনিৰ পৰা উজনী অসমলৈ সৰবৰাহৰ উদ্দেশ্যে অনা হৈছে বুলি জানিব পৰা গৈছে ৷
অভিযোগ অনুসৰি, জিয়াবুৰ, কাশ্যপ আৰু গোস্বামী উপাধিৰ কেইজনমান লোকে চলাই আছে অবৈধ কয়লা ব্যৱসায় ৷ জিয়াবুৰ, কাশ্যপ আৰু গোস্বামী উপাধিৰ কেইজনমান লোকে চলাই আছে অবৈধ কয়লা ব্যৱসায় ৷ জব্দ হোৱা কয়লা ট্ৰাক খনৰ নম্বৰ হৈছে AS01 GC 4595, চুপাৰী গাড়ীখনৰ নম্বৰ হৈছে UP24 GT 6326, আৰু জব্দ হোৱা গুৰৰ ট্ৰাককেইখনৰ নম্বৰ হৈছে ক্ৰমে AS01 MC 9845, AS02 BC 5231, AS02 CC 2669 ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে শ শ কয়লা আৰু চুপাৰী ভত্তি ট্ৰাক অবৈধ্য ভাবে সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
লগতে পঢ়ক: বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা