নগাঁও, 18মাৰ্চ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰুধী অভিযান ৷ বুধবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ।
নগাঁৱৰ ধিং ৰোডৰ ভকত গাঁৱত এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ আব্দুল কাদিৰ নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে ৷ উল্লেখ্য যে, ডিমাপুৰৰ পৰা চাবোনৰ বাকচত অতি গোপনে লৈ অহা হৈছিল বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ খিনি ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ১০৩ টা চাবোন বাকচত লৈ অহা ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা ৷
AS 01BQ 7921 নম্বৰৰ এখন চাৰি চকীয়া বাহনত ডিমাপুৰৰ পৰা ড্ৰাগছ খিনি নগাঁৱলৈ ড্ৰাগছ খিনি সৰবৰাহৰ উদ্দেশ্যে লৈ অহা হৈছিল ৷ ইতিমধ্যে, ড্ৰাগছৰ সৰবৰাহত ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰে আৰক্ষীৰ দলে ।
প্ৰাপ্ত তথ্য অনুসৰি, ড্ৰাগছ সৰবৰাহৰ মুল অভিয়ুক্ত আব্দুল কাছেম বৰ্তমানেও পলাতক হৈ আছে ৷ মূল অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ