ৰূপহীহাট, ২৯ মাৰ্চ: আবিৰৰ ৰঙত ৰঙীন সমগ্ৰ ৰাজ্য । বিগত কেইবামাহ মান ধৰি নিৰ্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এক পৃথক পৰিৱেশ পৰিলক্ষিত হৈছিল যদিও ৰঙৰ উৎসৱে বৰ্তমান আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে সকলোতে । ভিন্ন ৰাজনৈতিক দলৰ মতাদৰ্শ, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে পালন কৰিছে ফাকুৱা ।
নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াতো পৰম্পৰাগত ৰীতি-নীতিৰে ৰঙৰ উৎসৱ উদযাপন কৰিলে থিয়দাঙনি গাঁৱৰ মহিলাসকলে । জুৰীয়াস্থিত বিষ্ণু মন্দিৰৰ গোসাঁইক আলফুলে বাহিৰলৈ উলিয়াই আনি হোলী গীত জুৰি আনন্দত আত্মহাৰা হৈ পৰে মহিলাসকলে ।
কণ কণ শিশুসকলেও আবিৰ লগাই আনন্দ কৰে । মহিলাসকলৰ হোলী গীতৰ সুৰে মুখৰিত হৈ পৰে থিয়দাঙনি গাঁৱৰ আকাশ-বতাহ ।
লগতে পঢ়ক:লুৰিণৰ মাতৃক সাক্ষাৎ শংকৰজ্যোতি বৰুৱাৰ