ETV Bharat / state

দুৰ্গা প্ৰতিমা দান কৰি মজিব আলীয়ে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন - Communal harmony in Durga Puja

Example of Hindu Muslim harmony: সমাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰাৰ সময়তেই সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে এজন ইছলাম ধৰ্মাৱলম্বী লোকে ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Example of Hindu Muslim harmony
চান্দকুছিৰ ঘিল্লা চ'ক দুৰ্গা পূজা (ETV Bharat Assam)

নলবাৰী,৬ অক্টোবৰ: ধৰ্মীয় সংকীৰ্ণতাৰ বিপৰীতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এজন ইছলাম ধৰ্মাৱলম্বী লোকে । একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলাই থকাৰ সময়তেই শাৰদীয় দুৰ্গা পূজাত সমাজত সম্প্ৰীতিৰ বাৰ্তা লৈ ওলাই অহা এইগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ আদৰ্শই এতিয়া এটা অঞ্চলৰ ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে । কোন বাৰু এইগৰাকী লোক ? তেওঁক লৈ ৰাইজৰ মাজত কিয় হৈছে চৰ্চা ।

নলবাৰীৰ এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে দেখুৱাইছে সামাজত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰাৰ নিদৰ্শন । সম্প্ৰীতিৰ মিলনভূমি নলবাৰী জিলাৰ বাঁহজানীৰ প্ৰাণকেন্দ্ৰ চান্দকুছিৰ ঘিল্লা চ'ক দুৰ্গা পূজাত এইবাৰ প্ৰতিমা দান কৰিছে মৰনৈপাৰৰ এগৰাকী মুছলমান লোকে । বাঁহ-বেতৰ ব্যৱসায়ী মজিব আলীয়ে এই দুৰ্গা পূজাস্থলীত বিগত ২৬ বছৰে ব্যৱসায় কৰি আহিছে । তেওঁ এই দুৰ্গা পূজাত প্ৰতিবছৰে কিবা এটা অংশ হ'লেও দান কৰি আহিছে ।

যোৱা বছৰ নাগাৰা নামৰ পাঠকৰ দল এটিৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱাৰ পিচত এইবাৰ প্ৰতিমা দান কৰিছে মজিব আলীয়ে । ২৪ বছৰত ভৰি দিয়া ঘিল্লা চ'ক দুৰ্গা পূজাত মৰনৈপাৰৰ মজিব আলীয়ে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা প্ৰসংগত কয়, "এইদৰে প্ৰতিমা দান কৰিবলৈ সুযোগ পাই খুউব ভাল লাগিছে ।"

বাঁহ-বেতৰ ব্যৱসায় কৰা মজিব আলীয়ে মা দুৰ্গাৰ প্ৰতিমা দান কৰাত উক্ত অঞ্চলটোত যুগ যুগ ধৰি বান্ধ খাই থকা সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব বুলি আশাবাদী ব্য়ক্ত কৰিছে উদ্যোক্তাসকলে । বৃহত্তৰ চান্দকুছি অঞ্চলত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰি তুলিবলৈ পূজা সমিতিয়েও মজিব আলীৰ দানক সসন্মানেৰে গ্ৰহণ কৰিছে ।

পূজা উদযাপন সমিতিয়ে ইছলামধৰ্মী লোকগৰাকীৰ এনে ইতিবাচক চিন্তা চেতনাৰ শলাগ লৈ সকলোকে ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনাইছে । ইপিনে,আহা ৯ অক্টোবৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত ২৪ সংখ্যক দুৰ্গা পূজাত ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:উৎসৱে গঢ়ে ঐক্য, গঢ়িছে হিন্দু-মুছলমানৰ সম্প্ৰীতি কাহিনী - Communal harmony Rangia

ঐতিহাসিক ৰামখাপীঠ দেৱালয়:ইয়াৰ ইতিহাস শুনিলে আপুনি আচৰিত হ'ব ! - Ramkha Peeth Devalaya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.