ETV Bharat / state

চৰকাৰী ব্যৰ্থতা ঢাকিবলৈ গোৱালপাৰাত NIA ৰ মৌলবাদী বিৰোধী অভিযান; চিপিআইএম নেতাৰ কটাক্ষ - Operation against JEM activists

JEM activists in Goalpara: গোৱালপাৰাৰ বলবলা, কৃষ্ণাই, টুকুৰা, মেন্দিপথাৰত মৌদবাদীৰ বিৰুদ্ধে NIA ৰ মাৰথন অভিযান । শ্বেখ চুলতান সালাউদ্দিন আয়ুবি নামৰ এজনক গ্ৰেপ্তাৰ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

JEM activists in Goalpara
গোৱালপাৰাত NIA ৰ মৌলবাদী বিৰোধী অভিযান (ETV Bharat)

গোৱালপাৰা, 6 অক্টোবৰ: শাৰদীয় দুৰ্গাপূজা প্ৰাক ক্ষণত চৌদিশে বিৰাজ কৰিছে উৎসৱৰ এক উখল-মাখল পৰিবেশে । ইয়াৰ মাজতে গোৱালপাৰা জিলাত মৌলবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই চলাইছে বৃহৎ অভিযান । গোৱালপাৰা আৰক্ষীৰ সহযোগত NIA ৰ এটি বৃহৎ অভিযানকাৰী দলে শনিবাৰে নিশাৰে পৰা চলোৱা এই অভিযানত বৰ্তমানলৈকে কুখ্যাত ‘‘জইছ- ই- মহম্মদ’’ৰে জড়িত থকাৰ সন্দেহত ৯ গৰাকীকৈ লোকক আটক কৰিছে ৷

জিলাখনৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই NIA ই আটক কৰিছে লোক কেইজনক । ইয়াৰে ৮ গৰাকীক সোধ-পোছৰ অন্তত নিশাই মুকলি কৰি দিয়ে যদিও এজনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোকজন হৈছে টুকুৰা অঞ্চলৰ শ্বেখ চুলতান সালাউদ্দিন আয়ুবি, তেওঁ দুধর্ষ জইছ-ই-মহম্মদৰ শ্লিপাৰ চেল হিচাপে কাম কৰাৰ সন্দেহ ৷ জিলাখনৰ টুকুৰা অঞ্চলত দীৰ্ঘদিন ধৰি গ্ৰাহক সেৱা কেন্দ্ৰ(CSP) খুলি কাম কৰি আছিল শ্বেখ চুলতান সালাউদ্দিন আয়ুবিয়ে ।

এই চি এছ পি'ৰ পৰাই টুকুৰা, বলবলা, মেন্দিপথাৰ অঞ্চলৰ বিভিন্ন জনক ধনৰ লেনদেন কৰি আহিছিল লোকজনে । কুখ্যাত জইছ-ই-মহম্মদৰ শ্লিপাৰ চেল হিচাপে কাম কৰাৰ অভিযোগত অভিযুক্ত শ্বেখ চুলতান সালাউদ্দিন আয়ুবিৰ সৈতে ধনৰ লেনদেন কৰা আটাইকে সোধ-পোছৰ কাৰণে আটক কৰিছিল NIA ৰ দলটোৱে । সোধ-পোছৰ অন্তত যোৱা নিশাই ৮ গৰাকীক ঘৰলৈ যাবলৈ দিয়ে যদিও ইয়াৰ মাষ্টাৰ মাইণ্ড শ্বেখ চুলতান সালাউদ্দিন আয়ুবিক গ্ৰেপ্তাৰ কৰি নিশাৰ ভাগতে গুৱাহাটীলৈ লৈ যায় ।

উল্লেখ্য যে পাকিস্তানৰ কুখ্যাত 'জইছ-ই- মহম্মদ' নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে দীৰ্ঘ দিনে ভাৰত বিৰোধী কাৰ্য-কলাপ চলাই আহিছে । ধৰ্মৰ নামত সন্ত্ৰাসবাদীৰ কাম-কাজ চলাই নিষিদ্ধ ঘোষিত হোৱা সংগঠনটোৰ হৈ দেশ বিৰোধী কিছু লোকে কাম কৰি আহিছে । আৰক্ষীৰ এক বিশ্বস্ত সূত্ৰই সদৰী কৰা মতে, NIA ই গ্ৰেপ্তাৰ কৰা শ্বেখ চুলতান সালাউদ্দিন আয়ুবিৰ গ্ৰাহক সেৱা কেন্দ্ৰ (CSP)ৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ আৰু এটা লেপটপ জব্দ কৰে ।

দেশৰ ৫ খন ৰাজ্যৰ লগতে অসমৰ গোৱালপাৰা জিলাতো পাকিস্তানৰ জইছ-ই-মহম্মদৰ বিৰুদ্ধে চলা NIA ৰ এই অভিযানক নাটক আখ্যা চি পি আই এম নেতা পাৰভেজ আলীৰ । তেওঁ কয় যে, ইয়াৰে পূৰ্বেও গোৱালপাৰা জিলাত NIA ই অভিযান চলাই ISIS ৰ সৈতে জড়িত থকা বুলি কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল । কিন্তু তেওঁলোকৰ আজিলৈকে কোনো খবৰ নাই । জিলাখনৰ কছাৰীঘাটত ISIS ৰ পতাকাও উৰুৱাইছিল, কিন্তু একো নহ’ল । গতিকে মাজে মাজে NIA ই গোৱালপাৰা জিলাত অভিযান চলাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছে ।

লগতে চি পি আই এমৰ নেতাগৰাকীয়ে কয় যে, যদি গোৱালপাৰা জিলাত ISIS আৰু জইছ-ই-মহম্মদৰ দৰে মৌলবাদী সংগঠনে বাহৰ পাতিছে তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে কি কৰি আছিল । সমগ্ৰ অসমতে গৃহ বিভাগে মৌলবাদী সংগঠনসমূহৰ বিৰুদ্ধে তদন্ত কৰি ইয়াৰ সৈতে জড়িত থকা সকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰক । তেওঁ আৰু কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰগৰাকীয়ে ৰাজ্যখন চলোৱাত ব্যৰ্থ হৈ পৰিছে । অৰ্থনৈতিকভাবে জুৰুলা হৈ পৰিছে এই চৰকাৰখন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ব্যৰ্থতা ঢাকিবলৈ NIA ৰ অভিযানৰ চমক দিছে নেকি বুলি প্ৰশ্ন কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক: গোৱালপাৰাত আটক ১২ জনকৈ সন্দেহজনক মৌলবাদী - OPERATION AGAINST FUNDAMENTALIST

উচ্ছেদস্থলীবোৰত মৌলবাদী ঘূৰি ফুৰিছে : মুখ্যমন্ত্ৰী - Assam CM on fundamentalist forces

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.