ETV Bharat / state

CM meets Sashi Kanta Das : ৰাজ্যসভাৰ অংকত আউল লাগিব নেকি কংগ্ৰেছৰ ! - CM meets Sashi Kanta Das

পুনৰ ৰাজ্যসভালৈ যোৱাৰ আশাত চেঁচাপানী পৰিব পাৰে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ ৷ ৰাজনীতিৰ অংকত পাৰ্গত বুলি পৰিচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেওবাৰৰ কাৰ্যক্ৰমে তাৰেই যেন ইংগিত প্ৰদান কৰিছে ৷ ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক দেওবাৰে নিজ বাসভৱনতে লগ ধৰিলেগৈ মুখ্যমন্ত্ৰীয়ে (CM meets Sashi Kanta Das ) ৷ ইফালে মুখ্যমন্ত্ৰীক লগ পোৱাৰ পাচতে সুৰ সলনি হৈছে শশীকান্ত দাসৰ ৷

CM meets Sashi Kanta Das
CM meets Sashi Kanta Das
author img

By

Published : Mar 20, 2022, 1:02 PM IST

নিউজ ডেস্ক, 20 মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে পট সলনি হৈছে ৰাজ্যৰ ৰাজনীতিৰ (Rajya Sabha election 22) ৷ যিকোনো প্ৰকাৰে দুয়োখন আসন নিজৰ দখললৈ নিয়াৰ বাবে আপ্ৰাণ চেষ্টা বিজেপিৰ ৷ এইবাৰ ৰহাৰ কংগ্ৰেছ শশীকান্ত দাসক নিজা বাসভৱনতে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma meets Congress MLA Sashi Kanta Das) ৷ মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাচতেই বিধায়ক দাসে ক’লে মুখ্যমন্ত্ৰীৰ মুখৰ কথা বেদৰ বাণী ৷ এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কথা মতেই চলিব বুলি সংবাদ মাধ্যমক জনালে বিধায়কগৰাকীয়ে ৷ তাৰোপৰি বিধায়ক দাসে ৰাজ্যসভাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

যদি বিধায়ক শশীকান্ত দাসে সঁচাকৈয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰে, তেন্তে অংকত আউল লাগিব কংগ্ৰেছৰ ৷ ৰাজ্যসভাত বিৰোধীক জয়ৰ বাবে প্ৰয়োজন ৪২ জন বিধায়কৰ ভোট । তেনে ক্ষেত্ৰত কংগ্ৰেছৰ ২৭ গৰাকী, এআইইউডিএফ-ৰ ১৫ গৰাকী, ৰাইজৰ দলৰ এগৰাকী আৰু চিপিআইএম-ৰ এগৰাকীসহ মুঠ ৪৪ গৰাকী বিধায়ক আছে । কিন্তু যদি শশীকান্ত দাসে ওলোটা খৰ মাৰে বা আন কোনো বিধায়কে ভুলকৈ ভোটদান কৰে, তেন্তে কংগ্ৰেছৰ আশাত চেঁচাপানী পৰিব ৷

উল্লেখ্য যে, বিধানসভাৰ মজিয়াত চৰকাৰ পক্ষক মুকলিকৈ সমৰ্থন কৰি দলৰ ৰোষত পৰিছিল শশীকান্ত দাস ৷ কংগ্ৰেছৰ ফালৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল যদিও, শশীকান্ত দাসে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ ফলস্বৰূপে দলে শাস্তিমূলকভাৱে দলৰ পৰা বহিষ্কাৰ কৰে শশীকান্ত দাসক ৷

লগতে পঢ়ক : বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয় নিশ্চিত: প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.