ETV Bharat / state

নগাঁৱত বিজ্ঞানসন্মত কচাইখানা মুকলি - অসম পশুধন আৰু হাঁহ কুকুৰা নিগম

জনসাধাৰণৰ স্বাস্থ্যৰ কথা চিন্তা কৰি এইবাৰ নগাঁৱত মুকলি কৰা হৈছে এটা বিজ্ঞানসন্মত কচাইখানা । জিলাখনৰ কচাইসকল বা ছাগলী পালকসকলক কেনেদৰে সহায় কৰিব এই বিজ্ঞানসন্মত কচাইখানাই ?

Slaughter House
নগাঁৱত বিজ্ঞানসন্মত কচাইখানা মুকলি
author img

By

Published : Oct 9, 2021, 11:27 AM IST

নগাঁও, ৯ অক্টোবৰ : বহু সময়ত দেখা যায় ব্যৱসায়ীসকলে অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস কটাৰ লগতে বিক্ৰী কৰে । যাৰ বাবে অস্বাস্থ্যকৰ পৰিৱেশৰ মাছ-মাংস খাই অসুস্থ হ'বলগীয়া হয় গ্ৰাহকসকল । সেয়ে আদালতৰ নিৰ্দেশনা অনুসৰি জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ঠায়ে ঠায়ে বিজ্ঞানসন্মত কচাইখানাবোৰ নিৰ্মাণ কৰিছে । নগাঁও জিলাৰ মৰিকলঙৰ চাৰিখুটিতো মুকলি কৰা হয় তেনে এক বিজ্ঞানসন্মত কচাইখানা (Slaughter house) ।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Rupak Sarma) আনুষ্ঠানিকভাৱে মুকলি কৰে কচাইখানাটো । অনুষ্ঠানত উপস্থিত থাকে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ (Assam Live Stock & Poultry Corporation Limited) অধ্যক্ষ মনোজ শইকীয়া । উল্লেখ্য যে, বিজ্ঞানসন্মত এই কচাইখানাত বিশেষকৈ ছাগলী মাংসৰ লগতে হাঁহ-কুকুৰাৰ মাংসও উপলব্ধ হ'ব । এই কচাইখানাত স্বাস্থ্য সন্মতভাৱে মাংস কটাৰ লগতে বিক্ৰী কৰা হ'ব ।

অনুষ্ঠানত বিজ্ঞানসন্মত কচাইখানাৰ গুৰুত্বৰ কথা উল্লেখ কৰি মনোজ শইকীয়াই কয় যে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত চৰকাৰে এই কচাইখানাবোৰ নিৰ্মাণ কৰিছে । জিলাখনৰ কচাইসকলক এই কচাইখানাৰ সুবিধা ল'বলৈ আহ্বান জনাই মনোজ শইকীয়াই । যদি কচাইসকলে এই আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়ে অথবা স্বাস্থ্য সন্মত মাছ-মাংস বিক্ৰীৰ বাবে আগবাঢ়ি নাহে তেন্তে তাৰ বিকল্প ব্যৱস্থাও থাকিব বুলি উল্লেখ কৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষগৰাকীয়ে ।

নগাঁও জিলাৰ বঢ়মপুৰ, ৰহা, ধিং, ৰূপহী, জুৰীয়া আদি অঞ্চলৰ ছাগলী পালকসকলকো এই কচাইখানাত ছাগলী যোগান ধৰি স্বাৱলম্বী হ'বলৈ তেওঁ আহ্বান জনায় । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইও এই কচাইখানাই নগাঁওবাসীক স্বাস্থ্যসন্মত ছাগলী মাংস যোগান ধৰাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক :এটা ইঞ্জিনযুক্ত ফেৰীৰ পুনৰ চলাচল সন্দৰ্ভত কি কয় ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.