নগাঁও, 21 জুলাই: অসম আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় (Assam Police against drugs and ganja) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং কাৰবাৰ ৷ আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
সামান্তৰালভাৱে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা কামপুৰত নগাঁও আৰক্ষীয়ে কামপুৰৰ ৫ নং ৱাৰ্ডৰ ৰাজু সিং নামৰ এজন লোকৰ ঘৰত চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ৷ এই অভিযানত ৰাজু সিঙৰ ২৬ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Ganja seized at Kampur ) ।
লগতে গাঞ্জা ব্যৱসায়ীৰ সৈতে জড়িত ৰাজু সিঙকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে (Ganja trader arrested by Nagaon police) ৷ জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ২৬ কেজি বুলি জানিব পৰা গৈছে ৷ লগতে ধৃত ৰাজু সিঙে ঘৰৰ পৰাই গাঞ্জাসমূহ বিভিন্ন ব্যৱসায়ীক যোগান দিয়াৰ উদ্দেশ্যে এই বৃহৎ পৰিমাণৰ গাঞ্জা মজুত ৰাখিছিল বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Murder in Goalpara: ডিঙি ৰেপি বোৱাৰীক হত্যা