ETV Bharat / state

Fraudster Arrested in Nagaon: মন্ত্ৰী-বিধায়কৰ নাম লৈ প্ৰৱঞ্চনা; নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক

author img

By

Published : Jul 3, 2023, 10:52 AM IST

মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি, চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল ৷ বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক ৷

Fraudster in police traps luring with jobs
চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল
নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক

নগাঁও, 3 জুলাই: তেজপুৰত ভুৱা ডি চি গ্ৰেপ্তাৰৰ চাঞ্চল্যই মাৰ নৌযাওঁতেই ওলাল বহু বিধায়কৰ ঘনিষ্ঠ প্ৰৱঞ্চক ৷ আচলতে ঘনিষ্ঠ নহয়, কিন্তু প্ৰৱঞ্চনাৰে বিভিন্নজনৰ পৰা ধন লুটিবলৈ নিজকে পৰিচয় দিয়ে মন্ত্ৰী পীযূষ হাজৰীকা, বিধায়ক জিতু গোস্বামীৰ ঘনিষ্ঠ বুলি ৷ নিজে মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি পুতনিৰ মিন্টু হাজৰিকাই পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷

অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক মিণ্টু হাজৰিকা ৷ প্ৰৱঞ্চক মিন্টু হাজৰিকাই কেইবাজনো ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন ৷ বিধায়ক জিতু গোস্বামী, মন্ত্ৰী পীযুষ হাজৰীকাৰ ঘনিষ্ঠ বুলি মিছা পৰিচয় দি চাকৰি দিয়াৰ নামত ধন সংগ্ৰহত নামি পৰিছিল পুতনিৰ মিন্টু হাজৰিকা ৷ বন বিভাগৰ লগতে অন্যান্য বিভাগতো চতুৰ্থ বৰ্গৰ চাকৰি দিব পাৰে বুলি নিজকে জহাই ফুৰিছিল প্ৰৱঞ্চক মিন্টু হাজৰিকাই ৷ আনকি বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখলৈ মাতি নি বিধায়কজনৰ লগত পৰিচয় কৰি দিব বুলিও মিছাকৈ ধন সংগ্ৰহ কৰিছিল এই প্ৰৱঞ্চকটোৱে ৷

কেৱল ধন সংগ্ৰহ কৰাই নহয়, বিধায়ক জিতু গোস্বামীক এটা কেমেৰাৰ প্ৰয়োজন বুলি কৈয়ো এজন যুৱকৰ পৰা লৈ যায় কেমেৰা ৷ কিন্তু কেমেৰা দিয়া যুৱকজনে মিন্টু হাজাৰিকাক ফোন যোগে নোপোৱাত যোগাযোগ কৰে বিধায়ক জিতু গোস্বামীৰ ব্যক্তিগত সহায়কৰ সৈতে ৷ লগে লগে ওলাই পৰে প্ৰকৃত সত্য ৷ ইফালে চাকৰিৰ নামত প্ৰৱঞ্চনাৰ বলি হোৱা কেইবাজনো যুৱকে আৰক্ষীক অভিযোগ দিয়াৰ লগতে বিধায়ক জিতু গোস্বামীৰ ব্যক্তিগত সহায়কাৰীজনকো বিষয়টো অবগত কৰে ৷ বিধায়কজনৰ ব্যক্তিগত সহায়কাৰীজনেও আৰক্ষীক গোচৰ দিয়াৰ ক্ষেত্ৰত যুৱককেইজনক সহায় কৰে ৷ সেইমতেই প্ৰৱঞ্চনাৰ বলি হোৱা যুৱকে আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ যুৱককেইজনৰ এজাহাৰৰ ভিত্তিতেই দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক মিন্টু হাজৰিকাক ৷

দেওবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে গুৱাহাটীৰ যোৰাবাটৰ পৰা আটক কৰে প্ৰৱঞ্চক মিন্টু হাজৰিকাক ৷ ধৃত প্ৰৱঞ্চক মিন্টু হাজৰিকাই কিমান জনৰ পৰা প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰিছে সেই তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক: Burmese supari syndicate: বাৰ্মিজ চুপাৰী ছিণ্ডিকেটত জড়িত নহয় আৰক্ষী: বিধায়ক নিজামউদ্দিনৰ অভিযোগ খণ্ডন হাইলাকান্দি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.