ETV Bharat / state

নগাঁৱত আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ ভয়ংকৰ জাল

author img

By

Published : Jun 20, 2020, 6:09 PM IST

এইবাৰ নগাঁৱত জাল পেলাইছে আন্তঃৰাজ্যিক প্ৰৱঞ্চক চক্ৰই । জালিয়াতিৰে ফাইনেন্সৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰি আন্তঃৰাজ্যিক চক্ৰৰ হাতত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে নগাওঁ আৰক্ষীৰ এক অনুসন্ধানত । বহিৰাগত প্ৰৱঞ্চকৰ চক্ৰটোৱে সামান্য ধনৰ বিনিময়ত ব্যৱহাৰ কৰে স্থানীয় লোকক ।

fraud arrested
fraud arrested

নগাঁও, 20 জুন : নগাঁৱত আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ জাল ৷ ট্ৰেক্টৰত চকু আন্তঃৰাজ্যিক প্ৰৱঞ্চক চক্ৰৰ। নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে জালিয়াতিৰ ভয়ংকৰ তথ্য। স্থানীয় লোকৰ সহযোগত ভুৱা প্ৰমাণ পত্ৰৰে ফাইনেন্সৰ পৰা ট্রেক্টৰ ক্ৰয় কৰি আন্তঃৰাজ্যিক চক্ৰৰ হাতত বিক্ৰী কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁৱত।

নগাঁৱৰ মহেন্দ্ৰ ট্রেক্টৰ ডিলাৰৰ পৰা শনিবাৰে ৰূপহীহাটৰ এজন লোকে তথ্য জালিয়াতিৰে মাত্ৰ ডেৰ লাখ টকা জমা দি ক্ৰয় কৰিছিল এখন ট্রেক্টৰ। কিন্তু ট্রেক্টৰ ক্ৰয় কৰি আন্তঃৰাজ্যিক চক্ৰৰ হাতত বিক্ৰী কৰাৰ পাচতেই নগাঁৱৰ খুটিকটিয়াস্থিত মহিন্দ্ৰ অ'ট'মোবাইল নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অজয় মিট্টালে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰে হয়বৰগাঁও আৰক্ষীয়ে। হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য।

নগাঁৱত আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ ভয়ংকৰ জাল

মাত্ৰ চল্লিশ হাজাৰ টকাৰ বিনিময়ত গুৱাহাটীত চক্ৰটোৰ হাতত ট্রেক্টৰখন গটাইছিল ৰূপহীহাটৰ চুলমান আলীয়ে ৷ ব্যক্তিজনক আটক কৰাৰ পিচত গুৱাহাটীতো অভিযান চলাই চক্ৰটোৰ এজনক আটক কৰিবলৈ সক্ষম হয় হয়বৰগাঁও আৰক্ষী । নগাঁৱৰ আৰক্ষী অধীক্ষক গোড়াৱৰ অভিজিত দিলীপৰ নিৰ্দেশত হয়বৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত মণিপুৰত বিক্ৰী ট্রেক্টৰৰ সন্ধান লাভ কৰা বুলিও জানিব পৰা গৈছে। আন্তঃৰাজ্যিক চক্ৰটো সম্পূৰ্ণ উৎখাতৰ বাবে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.