ETV Bharat / state

চিকিৎসাকৰ্মী, চাফাইকৰ্মীৰ সৈতে সমন্বয়ৰ গীত জুৰিলে ৰকিবুল হুছেইনে - ৰকিবুল হুছেইন

বুধবাৰে চামগুৰিস্থিত মোৱামাৰী মডেল হাস্পতালত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে চিকিৎসালয় খনত কৰ্মৰত, চিকিৎসাকৰ্মীৰ লগতে চাফাকৰ্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে কিছু সময় অতিবাহিত কৰে । ইয়াৰোপৰি জাতি ধৰ্ম নিৰ্বিশেষে কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে আহ্বান জনায় ৰকিবুল হুছেইনে ।

former minister rakibul hussain visited mowamari model hospital

author img

By

Published : Apr 9, 2020, 2:30 PM IST

নগাঁও, 9 এপ্ৰিলঃ বুধবাৰে চামগুৰিস্থিত মোৱামাৰী মডেল হাস্পাতালত উপস্থিত হয় কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । চিকিৎসালয় খনত উপস্থিত হৈ কৰ্মৰত চিকিৎসাকৰ্মী সকলৰ লগতে চাফাই কৰ্মী সকলৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰে বিৰোধী দলৰ উপ দলপতি গৰাকীয়ে । ৰকিবুল হুছেইনে চিকিৎসালয়খনত সকলো কৰ্মীকে এটি ধন্যবাদসূচক উপহাৰ আগবঢ়োৱাৰ লগতে, সকলোৰে লগতে মিলি 'হিন্দু হ'ম নে আমি মুছলমান হ'ম, মানৱৰ সন্তান আমি মানৱেই হ'ম' শীৰ্ষক এটি সমন্বয়ৰ গীত পৰিৱেশন কৰে । এই গীতৰ জৰিয়তে তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে কৰ'ণাৰ বিপক্ষে যুঁজিবলৈ সকলোকে আহ্বান জনায় ।

চিকিৎসাকৰ্মী, চাফাইকৰ্মীৰ সৈতে সমন্বয়ৰ গীত পৰিৱেশন ৰকিবুল হুছেইনৰ

উল্লেখ্য যে, বুধবাৰে চিকিৎসালয়খনত কোৱাৰেণ্টাইনত ৰখা 8 গৰাকী ব্যক্তিৰ তেজ পৰীক্ষা কৰি নিগেটিভ পোৱাৰ পিচত, চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকক হোম কোৱাৰাণ্টাইনলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়কঃ অসম চৰকাৰৰ উদ্যোগত কৰ'ণা ভাইৰাছৰ সজাগতামূলক গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.