ETV Bharat / state

Tiger at Kaliabor : বনৰজাক বিচাৰি কলিয়াবৰত বন বিভাগৰ অভিযান

কলিয়াবৰত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা ঢেকীয়াপতীয়াক বিচাৰি অভিযান আৰম্ভ কৰিছে বন বিভাগে (Search operation for tiger in Kaliabor)। পুৱাই দুটাকৈ হাতী লৈ বন বিষয়া আৰু কৰ্মীৰ এটা দল উপস্থিত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে পৰিৱেশৰ বুজ ল'লে ।

author img

By

Published : Mar 14, 2023, 2:10 PM IST

Tiger at Kaliabor
বনৰজাক বিচাৰি কলিয়াবৰত বন বিভাগৰ অভিযান

কলিয়াবৰ,১৪ মাৰ্চ : ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত অৱশেষত গা লৰিল বন বিভাগৰ । বনৰজাক খেদিবলৈ কলিয়াবৰত বন বিভাগৰ বৃহৎ দল উপস্থিত (Forest officials at Kaliabor)। দুটাকৈ হাতী লৈ বন বিভাগৰ লোকে চাহ বাগিচাৰ মাজে মাজে অভিযান চলাইছে । অৱশ্যে এতিয়ালৈ বনৰজাৰ কোনো সম্ভেদে পোৱা নাই বন বিভাগে ।

উল্লেখ্য যে বিগত প্ৰায় এমাহ ধৰি কলিয়াবৰ চাহ বাগিচাত কেইবাটাও ঢেকীয়াপতীয়াই মুক্ত বিচৰণ কৰি আহিছে (Free roaming of tiger in Kaliabor)। যাৰ বাবে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । আনকি কলিয়াবৰ চাহ বাগিচাত শ্ৰমিকসকলে ভয়-শঙ্কাৰ মাজেৰে কাম কৰিবলগীয়া হৈছে । কেইবাটাও পশুধন নিধন কৰিছে ঢেকীয়াপতীয়াই । ঢেকীয়াপতীয়াই আতংকৰ সৃষ্টি কৰা বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই সোমবাৰে পুৱাই দুটাকৈ হাতী লৈ বন বিভাগৰ দল উপস্থিত হয় কলিয়াবৰ চাহ বাগিচাত ।

বাগিচাৰ মাজে-মাজে হাতীৰে বন বিভাগৰ দলে বনৰজাক খেদি পঠোৱাৰ বাবে চেষ্টা কৰিছে । কিন্তু দলটোৱে কোনো সন্ধান নাপালে ঢেকীয়াপতীয়াৰ । আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কলিয়াবৰ চাহ বাগিচাত উপস্থিত হৈ পৰিৱেশৰ বুজ লয় (KNP director at Kaliabor)। সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি ঢেকীয়াপতীয়াকেইটাই কলিয়াবৰ চাহ বাগিচাত আশ্ৰয় লৈছে কিন্তু মানুহক এতিয়ালৈ আক্ৰমণ কৰা নাই বুলি উল্লেখ কৰে সঞ্চালকগৰাকীয়ে ।

ইফালে যোৱা নিশা পথচাৰীয়ে দুটা পোৱালিসহ এজনী বাঘিনী প্ৰত‍্যক্ষ কৰাৰ পাছত শিলঘাট অঞ্চলত তীব্ৰ কৌতূহলে বিৰাজ কৰে । বন বিষয়াসকলে জনোৱা মতে অকলশৰীয়া বাঘক বন্দী বনোৱাত অসুবিধা নাই কিন্তু লগত পোৱালি থাকিলে ট্ৰেংকুলাইজ বা বন্দী কৰাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলিও বন বিভাগৰ লোকে উল্লেখ কৰিছে ।

ইয়াৰ মাজতে আকৌ একাংশ বিষয়াই সন্দেহ কৰা মতে ইতিমধ্যে ঢেকীয়াপতীয়াকেইটাই বনাঞ্চলৰ দিশে ৰাওনা হৈছে । বন বিষয়াসকলে জনোৱা মতে যিসকল লোক ঢেকীয়াপতীয়াৰ আক্ৰমণৰ ফলত প্ৰভাৱিত হ'ব বা কোনো লোকৰ যদি ক্ষতি হয় তেনেহ'লে চৰকাৰে সেইসকল লোকক তাৎক্ষণিকভাৱে ক্ষতিপূৰণ প্ৰদান কৰিব ।

লগতে পঢ়ক :Mass wedding ceremony in Dibrugarh: টিংখাঙত 201 যোৰা দৰা-কইনা বহিল একেখন মণ্ডপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.