ETV Bharat / state

কেৰালাৰ আৱদ্ধ শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ নগাঁও আৰক্ষীৰ

নগাঁও আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ । নগাঁৱত আৱদ্ধ কেৰালাৰ বাছ চালক-হেণ্ডিমেনক খাদ্য যোগান নগাঁও আৰক্ষীৰ । ২০ দিন পূৰ্বে নগাঁৱত উপস্থিত হোৱাৰ পিছতেই কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবেই নগাঁৱত আৱদ্ধ হৈ পৰিছিল প্ৰায় দুশ কৰ্মচাৰী ৷

author img

By

Published : May 19, 2021, 9:42 PM IST

food_distribution_by_nagaon_police
কেৰালাৰ আৱদ্ধ শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ নগাঁও আৰক্ষীৰ

নগাঁও, 19 মে’: ক’ভিড-১৯ মহামাৰীৰ মাজতে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । কেৰালাৰ পৰা যাত্ৰীলৈ নগাঁৱলৈ আহি বিগত প্ৰায় ২০ দিন ধৰি আৱদ্ধ হৈ থকা বাছ চালক আৰু হেণ্ডিমেনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে নগাঁও আৰক্ষীয়ে ।

নগাঁও চহৰৰ লক্ষীনগৰ আৰু মৰিকলং বাছ আস্থানত আৱদ্ধ হৈ থকা এশৰো অধিক শ্ৰমিকক বুধবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে নগাঁৱৰ হয়বৰগাঁও আৰু মৰিকলং আৰক্ষী চকীৰ আৰক্ষীয়ে ৷

কেৰালাৰ আৱদ্ধ শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ নগাঁও আৰক্ষী

উল্লেখ্য যে, ২০ দিন পূৰ্বে নগাঁৱত উপস্থিত হোৱাৰ পিছতেই কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই নগাঁৱত আৱদ্ধ হৈ পৰিছিল প্ৰায় দুশ কৰ্মচাৰী । বিগত প্ৰায় ২০ দিনে নিজৰ লগত থকা ধনেৰে খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিছিল যদিও শেহতীয়াকৈ হাতত ধন নথকাৰ বাবেই তীব্ৰ খাদ্য আৰু অৰ্থ সংকটত ভুগি আছে বাছ শ্ৰমিকসকল ।

এনে সময়তে মঙলবাৰে নগাঁৱত যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজে বাছ আস্থানত উপস্থিত হৈ শ্ৰমিকসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত আৰক্ষীয়ে শ্ৰমিকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

লগতে পঢ়ক: আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.