ETV Bharat / state

Flood Mockdrill : বানপানীৰ দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত ম’কড্ৰিল

author img

By

Published : Apr 28, 2023, 1:30 PM IST

সম্ভাব্য দুৰ্যোগৰ সময়ত দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে আন বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ অনুশীলন কৰা হয় নগাঁৱত ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নগাঁও দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ( Mockdrill of Disaster Management Department in Nagaon ) ৷

Mockdrill in Nagaon
নগাঁৱত ম’কড্ৰিল
নগাঁৱত ম’কড্ৰিল

নগাঁও, 28 এপ্ৰিল : বাৰিষা কাল সমাগত ৷ বিজ্ঞানসন্মত নলা-নৰ্দমাৰ অভাৱত ৰাজ্যবাসীয়ে প্ৰতিবাৰ বাৰিষাতেই জীয়াতু ভুগিবলগীয়া হয় ৷ ভেটি-মাটি হেৰুওৱাৰ সমান্তৰালকৈ আত্মীয়-স্বজনকো হেৰুওৱালগীয়া হয় বাৰিষাৰ কোবাল বানত ৷ সেয়ে বানপানীৰ সময়ত ল’বলগীয়া ব্যৱস্থা-বিধি সন্দৰ্ভত নগাঁৱত আয়োজন কৰা হ’ল ম'কড্ৰিলৰ ৷ দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে আন বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ অনুশীলন কৰা হয় এই কাৰ্যসূচীত (Flood in Assam) ।

বানপানীৰ দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতা বিধি সন্দৰ্ভত নগাঁৱত ৰাজ্যিক পৰ্যায়ত আয়োজন কৰা হয় ম’কড্ৰিলৰ । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নগাঁও দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানীৰ দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত এক ৰাজ্যিক পৰ্য্যায়ৰ ম'কড্ৰিল আখৰা অনুষ্ঠিত কৰা হয় । চহৰখনৰ আদর্শ নগৰক ঘটনাস্থলী হিচাপে লৈ বৃহস্পতিবাৰে বিয়লি কৰা এই ম'কড্ৰিল অৰ্থাৎ আখৰাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নগাঁৱত অৱস্থিত কাৰ্যালয়ত এক নিয়ন্ত্ৰণকক্ষ স্থাপন কৰা হয় ( Mockdrill of Disaster Management Department in Nagaon ) ।

Mockdrill in Nagaon
নগাঁৱত ম’কড্ৰিল

নগাঁও আৰক্ষী নিৱেশ খেল পথাৰত ষ্টেজিং (staging) এলেকা, নগাঁও পলিটেকনিকত এক সাহায্য শিবিৰ আৰু নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আন এক চিকিৎসা শিবিৰ স্থাপন কৰি এই ম’কড্ৰিল আখৰা অনুষ্ঠিত কৰা হয় । উল্লেখযোগ্য যে, বানপানী দুৰ্যোগৰ সময়ত দায়িত্ব পালন কৰিবলগীয়া বিভাগসমূহ যেনে- আৰক্ষী, অগ্নিনিৰ্বাপক, এছ.ডি.আৰ.এফ, সামৰিক আৰু অৰ্ধসামৰিক বাহিনী, সমাজ কল্যাণ, পি.এইচ.ই.ডি, জলসম্পদ, স্বাস্থ্য, পৰিবহন, লোক নিৰ্মান আৰু জনসংযোগ বিভাগকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে এই আখৰাত অংশগ্ৰহণ কৰে ( Bhogeswari Phukanani Nagaon Civil Hospital )

বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হোৱা এই আখৰা অনুষ্ঠানত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰতিটো আখৰাস্থলীত উপস্থিত হৈ আখৰাৰ তদাৰক কৰে ( Mockdrill for flood )।

লগতে পঢ়ক : Bodofa super 50 mission : বিটিআৰৰ শিক্ষাৰ্থীসকললৈ সুখবৰ; 50 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নীট কোচিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.