ধিং, 18 চেপ্তেম্বৰঃ বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে ধিঙৰ আহোম গাওঁ আৰক্ষী চকীৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড । জুইত ভষ্মীভূত পাঁচখনকৈ দোকান । বিশ্বকৰ্মা পূজাৰ চাকিৰ শিখাৰ পৰাই জুইৰ সূত্ৰপাত হৈ অবৈধ ভাবে দোকানত বিক্ৰী কৰা পেট্ৰ'লৰ বটলত লাগি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত হোটেল, দৰ্জীৰ দোকান, কম্পিউটাৰৰ দোকান, পান তামোলৰ দোকানকে ধৰি পাঁচখনকৈ দোকানৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা সামগ্ৰী ভষ্মীভূত হয় ৷ জুইত ব্যৱসায় প্ৰতিষ্ঠানটোৰ সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ যোৱাত ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷
ধিঙৰ আহোম গাওঁ আৰক্ষী চকীৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড - ধিঙৰ আহোম গাওঁ আৰক্ষী চকীৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড
ধিঙৰ আহোম গাওঁ আৰক্ষী চকীৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড । জুইত ভষ্মীভূত পাঁচখনকৈ দোকান ।