নগাঁও, 12 জানুৱাৰী : ৰাজ্যবাসীয়ে ভোগালী বিহুক লৈ ব্যাপক ব্যস্ত হৈ পৰাৰ সময়তে মঙলবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষিভূমি বে-আইনী ভাৱে ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
মঙলবাৰে নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰায়তী খতিয়ান প্ৰাপ্ত বৃহৎ কৃষিভূমি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকসকলে । ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি আজুৰ নামৰ এটা ব্যক্তিগত কোম্পানীক বে-আইনী আৰু বলপূৰ্বকভাৱে গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।
নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, যৌথ সংগ্ৰামী মঞ্চ আদি কেবাটাও সংগঠনৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকসকলে । বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে কৃষকসকলে । লগতে, কোনো কাৰণতে কৃষকৰ দখলকৃত কৃষিভূমি ব্যক্তিগত কোম্পানীক গতাই নিদিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক : চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ