ETV Bharat / state

কৰ'ণা ত্ৰাসৰ মাজত কেনেদেৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি? - বটদ্ৰৱাত ঈদ-উজ-জোহাৰ প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে অসমতো ত্যাগ আৰু ভাতৃত্ববোধৰ বাণীৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰে ঈদ-উজ-জোহা । কিন্তু সাম্প্ৰতিক সময়ত কৰ'ণা ভাইৰাছে ম্লান পৰিছে পূৰ্বৰ উৎসাহ-উদ্দীপনা ৷ আহকচোন চাও,বটদ্ৰৱাত কেনেদৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি...

eid preparation at batadrava
ঈদ-উজ-জোহা
author img

By

Published : Jul 30, 2020, 4:23 PM IST

বটদ্ৰৱা,30 জুলাইঃ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ এটা দিন ৷কৰ'ণাৰ ত্ৰাসৰ বাবে পৱিত্ৰ ঈদ-উজ-জোহা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

ঈদ-উজ-জোহাৰ প্ৰস্তুতি

ঈদ উপলক্ষে গ্ৰামাঞ্চলৰ যুৱতী তথা মহিলা সকলে ঘৰতে ৰং বিৰঙী পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে ।বজাৰসমূহতো ভিৰ নাই পূৰ্বৰ দৰে ৷ঈদগাহ ময়দান আৰু মচজিদ সমূহতো পূৰ্বৰ দৰে নাই কোনো জাক জমকতা। কিয়নো চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঈদগাহ নাইবা মছজিদত হ'ব নোৱাৰিব জন সমাগম। ইছলাম ধৰ্মাৱলম্বী লোকসকলে জনোৱা অনুসৰি চৰকাৰ নীতি নিৰ্দেশনাক সন্মান জনাই এইবাৰ সকলোৱে ঘৰতেই আদায় কৰিব ঈদৰ নামাজ । পূৰ্বতকৈ এইবাৰ কমিব কুৰবানীৰ সংখ্যাও।

মুঠতে ৰাজ্যখনৰ মুছলমান লোকসকলে চৰকাৰৰ নীতি নিৰ্দেশনা মানি পৱিত্ৰ ঈদ উজ জোহা পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুছলমান লোকসকলৰ এনে সিদ্ধান্তই সঁচাকৈ কঢ়িয়াই আনিছে এক শুভবাৰ্তা ৷

লগতে চাওকঃ47 বছৰীয়া হ'ল বাস্তৱ জীৱনৰ নায়ক চনু চুড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.