নগাঁও, 22 জুন : ড্ৰাগছ ব্যৱসায়ী (Drugs Mafia) যদি ডালে ডালে আৰক্ষী আকৌ পাতে পাতে । ৰাজ্যত এতিয়া যেন কৌশল সলনি কৰিছে ড্ৰাগছ ব্যৱসায়ী (Drugs Mafia)য়ে । তীক্ষ্ম নজৰ ৰাখিছে আৰক্ষীয়েও । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে এইবাৰ কুৰিয়াৰ সেৱা (Courier Services)ৰ সহায়ত ড্ৰাগছ সৰবৰাহ আৰম্ভ কৰিছে ড্ৰাগছ মাফিয়া (Drugs Mafia)ই ।
মঙলবাৰে নগাঁও আৰক্ষীয়ে চহৰখনৰ ফৌজদাৰি পট্টিৰ এ টি চি কুৰিয়াৰ সেৱা (Courier Services)ত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে । নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ দৰে চলোৱা অভিযানত মুঠ ২ লাখ ৯৯ হাজাৰ টা টেবলেট জব্দ কৰা হয় । জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৪৫ লাখ টকা ৷
আনহাতে নগাঁৱত ভাড়াঘৰ লৈ একাংশ লোকে ড্ৰাগছ (Drugs)ৰ সাম্ৰাজ্য চলোৱাৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰে নেতৃত্বত এটা দলে সোমবাৰে নিশা নগাঁও চহৰৰ হয়বৰগাঁৱৰ এটা ভাড়াঘৰৰ পৰা কেইবা লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰে ৷
আৰক্ষীৰ দলটোৱে বুজন পৰিমাণৰ হেৰ'ইনসহ চাৰিটাকৈ কুখ্যাত ড্ৰাগছ মাফিয়া (Drugs Mafia)ক আটক কৰে ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী (Drugs Mafia)কেইটা মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জহিৰুল ইছলাম, পত্নী ছেলিমা খাতুন, লাহৰীঘাটৰ মজিবুৰ ৰহমান আৰু মৈৰাবাৰীৰ আনিৰুল ইছলাম বুলি জানিব পৰা হৈছে ।
লগতে পঢ়ক : সাত বছৰৰ পাচতো মুকলি নহ'ল বিলাসীপাৰাৰ ITI COLLEGE