ধিং,13 মে': সাম্প্ৰতিক সময়ত আমি সচৰাচৰ দৈনন্দিনে দেখিবলৈ পাওঁ হিংসা, হত্যা, লুণ্ঠন, ধৰ্ষণৰ নিচিনা বহু অপৰাধজনিত ঘটনা ৷ কিন্তু নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ চহৰীয়া গাঁৱখন হৈছে সম্পূৰ্ণ ব্যতিক্ৰম ৷ ভাৰত স্বাধীন হোৱাৰ পিচত অৰ্থাৎ 1998 চনত স্থাপন হৈছিল এই গাঁৱখন ৷ অতীজৰে পৰা বাস কৰি অহা বড়ো সম্প্ৰদায়ৰ লোকসকলৰ মাজত আজিপৰ্যন্ত সংঘটিত হোৱা নাই কোনো হিংসাত্মক অথবা অপৰাধজনিত ঘটনা ৷ আপুনি শুনিলেই আচৰিত হ'ব যে গাঁৱখনৰ কোনো এজন লোকে আজিলৈকে ভৰি দিব লগা হোৱা নাই থানাত ৷
অপৰাধৰ বিপৰীতে এই গাঁৱখনত আছে সম্প্ৰতি তথা একতাৰ এনাজৰী ৷ যিডাল এনাজৰীত খাপ খাই গাঁৱখনত বছৰ বছৰ ধৰি বাস কৰি আছে শতাধিক লোকে ৷ মূলত কৃষিৰ ওপৰত নিৰ্ভৰশীল বড়ো জনগোষ্ঠীয় লোকসকলে বাস কৰা গাঁৱখনে সমাজত দাঙি ধৰিছে এক উৎকৰ্ষমূলক বাৰ্তা ৷ অসমৰ এখন অপৰাধমুক্ত গাঁও হিচাপে বৰ্তমান চিহ্নিত হৈছে এই গাঁৱখন ৷ গাঁৱখনত থানা থকা স্বত্বেও কোনো এজন লোকে আজিলৈকে থানাখনত চৌহদত ভৰি দি নোপোৱা কথাটোৱে এতিয়া যেন ৰচনা কৰিছে এক ইতিহাস ৷ গাঁৱখনৰ পুৰুষ-মহিলাসকলেও একেলগে প্ৰতিবছৰে পালন কৰি আহিছে বাগৰুম্বা, বিহু-উৰুকা, বাথৌ পূজা আদি সকলো উৎসৱ ৷ কৃষিকাৰ্যতো ইজনে আনজনক কৰি আহিছে সহায় ৷
যি সময়ত এতিয়া এটা পৰিয়াল বা এখন সমাজত বাস কৰা লোকৰ মাজত জটিলতা বৃদ্ধি পাবলৈ লৈছে, প্ৰতিদিনে একো-একোগৰাকী নাৰী নিৰ্যাতনৰ সন্মুখীন হ’বলৈ ধৰিছে, সেই সময়তে এই গাঁৱখনে সমাজত দাঙি ধৰিছে এক উল্লেখনীয় নিৰ্দশন ৷
অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে মাজুলী ভ্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ