কলিয়াবৰ , 13 জুলাইঃ শনিবাৰে নিশা ভৰ লুইতত দুই বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈ নিখোজ হৈ আছিল শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত চামধৰা গাঁৱৰ দীপক শইকীয়া নামৰ এগৰাকী যুৱক । শনিবাৰে সন্ধিয়া প্ৰায় 8 বজাত দীপক শইকীয়া ওৰফে ৰাজুৱে প্ৰবাল হাজৰিকা আৰু চম্পক বৰা নামৰ তেওঁৰ দুগৰাকী বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈছিল 2 নং বিহডুবি অঞ্চলত । মাছ মৰাৰ পিচত বাঢ়নী পানীত সাতুৰি আহোতে নিখোজ হয় দীপক শইকীয়া নামৰ যুৱকজন । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । উল্লেখ্য যে, ঘটনাস্থলীত উদ্ধাৰ হয় সন্ধানহীন যুৱক জনে পৰিহিত পেণ্ট, ছাৰ্ট আৰু চেণ্ডেল ।
শনিবাৰে নিশাই এই ঘটনা সংঘটিত হয় যদিও, সন্ধানহীন যুৱক জনৰ বিষয়ে তেওঁৰ পৰিয়ালৰ লোক অৱগত হয় দেওবাৰে পুৱাহে । বাঢ়নী পানীত নিখোজ হোৱা যুৱক জনৰ সন্ধানত আৰক্ষীৰ উপস্থিতিত অভিযান আৰম্ভ কৰে এচ ডি আৰ এফ বহিনীয়ে । 5 ঘন্টাজোৰা অভিযানৰ অন্তত দেওবাৰে সন্ধিয়া এচ ডি আৰ এফ বাহিনীৰ লোকে উদ্ধাৰ কৰে সন্ধানহীন যুৱক জনৰ নিথৰ দেহ ।
লগতে পঢ়কঃ কলিয়াবৰত মাছ মাৰিবলৈ গৈ নিখোজ যুৱক