নগাঁও,27 মে': বাৰিষাৰ আগমণৰ লগে লগে আতংকিত হৈ পৰিছে ৰূপহীহাট,ধিং,জুৰীয়া আদি অঞ্চলৰ ৰাইজ ৷ ধিং শিলঘাট মথাউৰিৰ মেৰামতি সম্পূৰ্ণ নোহোৱাৰ বাবে অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিস্থিতি ৷
ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীক ভেটা দিবলৈ 1955-57 বৰ্ষতে নিৰ্মাণ কৰা হৈছিল ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক 55 কিলোমিটাৰ দৈৰ্ঘৰ ধিং- শিলঘাট মথাউৰি ৷ নিৰ্মাণৰ পিচৰে পৰাই মেৰামতিৰ অভাৱত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ অতি বিপদজনক হৈ পৰা মথাউৰিটোৱে কৃষি প্ৰধান অঞ্চলটোত ভাবুকিৰ সৃষ্টি কৰিছে ৷ বাৰিষাৰ প্ৰাক-মূহূৰ্তত নগাঁৱৰ জলসম্পদ বিভাগে জৰাজীৰ্ণ মথাউৰিৰ কোনো কোনো অংশত কিছু পৰিমাণে মাটি পেলাইছে যদিও সেয়া এতিয়া এপাচি শাকত এটা জালুকৰ লেখীয়া ৷
ধিং-শিলঘাট মথাউৰিটোৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ জৰাজীৰ্ণ হৈ পৰাৰ পিছতো জলসম্পদ বিভাগে মেৰামতিৰ নামত কৰা ভেকোঁভাওনাই জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাৰ ৰাইজক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা অনিশ্চিত কৰি তুলিছে ৷