ETV Bharat / state

কঠিয়াতলীৰ জুৰিপাৰ পঞ্চায়তত বৃহৎ কেলেংকাৰী - কঠিয়াতলী উন্নয়ন খণ্ড

দুৰ্নীতি ঢাকি ৰাখিবৰ বাবে ভাঙি পেলালে নাম ফলক

দুৰ্নীতিয়েই নীতি হৈ পৰিছে পঞ্চায়তীৰাজ ব্যৱস্থাত
author img

By

Published : Jul 7, 2019, 12:45 PM IST

বঢ়মপুৰ, ০৭ জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য-সহনশীলতাৰ কথা কোৱা চৰকাৰ খনৰ একাংশ নেতা-পালিনেতা নিমৰ্জিত হৈছে দুৰ্নীতিত । শেহতিয়াকৈ পোহৰলৈ আহিছে নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিপাৰ পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ।এই সন্দৰ্ভত বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞাৰ এক প্ৰতিবেদন ।

দুৰ্নীতিয়েই নীতি হৈ পৰিছে পঞ্চায়তীৰাজ ব্যৱস্থাত

বঢ়মপুৰ, ০৭ জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য-সহনশীলতাৰ কথা কোৱা চৰকাৰ খনৰ একাংশ নেতা-পালিনেতা নিমৰ্জিত হৈছে দুৰ্নীতিত । শেহতিয়াকৈ পোহৰলৈ আহিছে নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিপাৰ পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ।এই সন্দৰ্ভত বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞাৰ এক প্ৰতিবেদন ।

দুৰ্নীতিয়েই নীতি হৈ পৰিছে পঞ্চায়তীৰাজ ব্যৱস্থাত
Intro:Story=বাৰিষাও কৃষি বান্ধ নিৰ্মান কৰিব নোৱাৰিলে ঠিকাদাৰে ৷ বাতৰি প্ৰকাশৰ পিছতে ভাঙি পেলালে ফলক । নগাঁৱৰ জুৰিপাৰ পঞ্চায়তত ব্যাপক দুৰ্নীতি ৷

Anchor=দুৰ্নীতিয়েই নীতি হৈ পৰিছে এতিয়া নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিপাৰ পঞ্চায়তত । একাংশ বিজেপি কৰ্মীৰ মইমতালি ঢাকি ৰাখিবৰ বাবে এতিয়া উন্নয়নৰ কামৰ তথ্য ফলকেই ভাঙি পেলাইছে । ৰহা সমষ্টিৰ বিধায়কৰ অতিকে ঘনিষ্ঠ এজন বিজেপি কৰ্মী ফৰিদ তালুকদাৰে পঞ্চায়তৰ এনেৰেগা কামত ঠিকাদাৰৰ ৰূপ লৈ কেইবাটাও পথ নিৰ্মানৰ কাম কৰি আহিছে । পঞ্চায়ত খনৰ ২নং ৱাৰ্ডত ২০১৭-১৮ বৰ্ষত বানপানী নৈৰ প্ৰতিৰোধৰ বাবে এটা কৃষি বান্ধ নিৰ্মানৰ বাবে ৩৫ লাখ ৯৮৬ টকা অনুমোদন হয় ৷ কিন্তু কেইগাড়ীমান মাটি পেলাইয়ে দ্বায়িত্ব সামৰে কামটোৰ ঠিকা লাভ কৰা বিজেপি কৰ্মী ফৰিদ তালুকদাৰে । এই সম্পৰ্কত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতে এতিয়া সেই কামৰ তথ্য ফলক খন ভাঙি পেলাই দুবৃত্তই । দূৰ্নীতি ঢাকিবলৈ ঠিকাদাৰ বাহিনীয়ে এই কাৰ্য সংঘটিত কৰা বুলি অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

Byte=স্থানীয় লোক ৷

Body:Vo=উল্লেখ্য যে এই বান্ধটো নিৰ্মান নোহোৱাৰ বানপানীৰ সময়ত তীব্ৰ সমস্যাত পৰিব স্থানীয় ৰাইজ । বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছে যদিও স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘণিষ্ঠ হোৱাৰ বাবে সকলো গাপ দি থকা বুলি জানিব দিছে স্থানীয় ৰাইজে । যাৰবাবে উপায়ুক্তৰ এক তদন্ত বিচাৰিছে স্থানীয় পঞ্চায়ত বাসীয়ে ।

## বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam ##Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.