ETV Bharat / state

এজাহাৰকাৰীৰ পৰা হাঁহ-কুকুৰা বিচাৰি শাস্তিৰ সন্মুখীন আৰক্ষী বিষয়া - আৰক্ষী বিষয়া

আইনৰ ৰক্ষকৰ বিৰুদ্ধেই দুৰ্নীতিৰ অভিযোগ। এজাহাৰকাৰীৰ পৰা হাঁহ-কুকুৰা বিচাৰি বিভাগীয় শাস্তিৰ সন্মুখীন আৰক্ষী বিষয়া। উৎকোচ বিচৰা আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ।

Cops From Garajan Police Otpost Reserved Closed
আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:35 PM IST

শাস্তিৰ সন্মুখীন আৰক্ষী বিষয়া

নগাঁও, 14 ডিচেম্বৰ : অৰ্থলিপ্সু একাংশ আৰক্ষীৰ বাবেই যেন বদনামৰ নাম মচিবই নোৱাৰিব অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ পিছতো যেন শিক্ষা পোৱাই নাই একাংশ চৰকাৰী ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে ৷

এইবাৰ ভুক্তভোগীৰ পৰাই উৎকোচৰ নামত হাঁহ-কুকুৰা বিচাৰি বিভাগৰ ৰোষত পৰিছে নগাঁৱৰ ৰূপহীহাটৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া ৷ ৰূপহীহাটৰ গড়াজান আৰক্ষী পহৰা আৰক্ষী চকীৰ এগৰাকী খঁকুৱা সহকাৰী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে এজাহাৰকাৰীৰ পৰাই হাঁহ-কুকুৰা বিচৰাৰ অভিযোগে জোকাৰিছে নগাঁও আৰক্ষীক ৷

উল্লেখ্য যে জিলাখনৰ বটদ্ৰৱা আৰক্ষীয়ে হাঁহ আৰু ধন লোৱাৰ অভিযোগত 2022 বৰ্ষৰ 21 মে’ত একাংশই থানা জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছিল ৷ যি ঘটনাৰ তদন্ত আজিও অব্যাহত থকাৰ মাজতেই নগাঁৱৰে গড়াজান আৰক্ষী পহৰা আৰক্ষী চকীৰ অম্বেশ্বৰ ৰাজখোৱা নামৰ সহকাৰী উপ-পৰিদৰ্শক জনে, আৰক্ষী চকীত বহি কৰ্তব্যৰত অৱস্থাত এজাহাৰকাৰীৰ পৰা ধন লোৱাৰ লগতে মদৰ বটল আৰু কুকুৰাৰ মাংস বিচৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত ৷ যি ঘটনাই অসম আৰক্ষীৰ তথাকথিত দুৰ্নীতি মুক্ত আৰক্ষীৰ ফোপোঁলা স্বৰূপটোকেই যেন উদঙাই দিছে ৷

দুৰ্নীতিপৰায়ণ খঁকুৱা আৰক্ষী বিষয়া অম্বেশ্বৰ ৰাজখোৱাই গোচৰ আদালতলৈ প্ৰেৰণ কৰাৰ নামত এহাজাৰৰ লগতে লৈছিল টকা ৷ এজাহাৰৰ লগতে টকা লোৱাৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈছিল গোপন কেমেৰাত ৷ পূৱ ফুটলজাৰৰ জনৈক ছাত্তাৰ নামৰ লোকজনে নিজৰ কিশোৰী কন্যা অপহৰণ হোৱাৰ অভিযোগ উত্থাপন কৰি আৰিফুল হককে ধৰি মুঠ 6 জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

এই গোচৰটো আদালতত পঠোৱাৰ বাবেই কৰ্তব্যৰত অৱস্থাতেই খঁকুৱা আৰক্ষী বিষয়া অম্বেশ্বৰ ৰাজখোৱাই এজাহাৰকাৰীৰ পৰা এহাজাৰ টকা লোৱাৰ লগতে মদৰ বটল আৰু কুকুৰাৰ মাংস বিচাৰে ৷ বিভিন্ন মাধ্যমত ধন লোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে নগাঁও আৰক্ষী ৷ ইতিমধ্যে অভিযুক্ত বিষয়াগৰাকীৰ ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক : ভূ-মাফিয়াৰ অত্যাচাৰত মৃত্যু হোৱা নিৰঞ্জনে পাবনে ন্যায় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.