ETV Bharat / state

Congress Leaders Join BJP : কাৰ ষড়যন্ত্ৰৰ বলি হৈ কংগ্ৰেছ ত্যাগ কৰিলে সুৰেশ বৰাই ? - সুৰেশ বৰা নগাঁও কংগ্ৰেছ

হঠাৎ কংগ্ৰেছ ত্যাগ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ ৷ সুৰেশ বৰাৰ পদত্যাগৰ পাচতেই নগাঁও কংগ্ৰেছত তীব্ৰ জোকাৰণি ৷ কাৰ ষড়যন্ত্ৰৰ বলি হৈ কংগ্ৰেছ ত্যাগ কৰিলে সুৰেশ বৰাই ? ৰাজীৱ ভৱনতে ৰকিবুল হুছেইনৰ ফটোত কলা চিয়াঁহী ৷

congress leader Suresh Bora
কাৰ ষড়যন্ত্ৰৰ বলি হৈ কংগ্ৰেছ ত্যাগ কৰিলে সুৰেশ বৰাই ?
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:19 PM IST

কাৰ ষড়যন্ত্ৰৰ বলি হৈ কংগ্ৰেছ ত্যাগ কৰিলে সুৰেশ বৰাই ?

নগাঁও, 11 নৱেম্বৰ : বিগত পোন্ধৰ বছৰৰো অধিক কাল কংগ্ৰেছ দলত নিষ্ঠাৰে সেৱা আগবঢ়োৱা নগাঁৱৰ সুৰেশ বৰাৰ হঠাৎ পদত্যাগক লৈ একপ্ৰকাৰে ধুমুহাৰ সৃষ্টি হৈছে নগাঁও জিলা কংগ্ৰেছত । লবীকেন্দ্ৰিক ৰাজনীতিক লৈ অসম প্ৰদেশ কংগ্ৰেছত বিসম্বাদ অব্যাহত থকাৰ মাজতে হঠাৎ সুৰেশ বৰাৰ পদত্যাগে নগাঁৱতেই নহয়, জোঁকাৰি গৈছে অসম প্ৰদেশ কংগ্ৰেছকো ৷

পূৰ্বে দুলু আহমেদৰ পৰা ৰূপজ্যোতি কুৰ্মীলৈকে কংগ্ৰেছ ত্যাগ কৰা অধিকাংশ নেতাই প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছত একছত্ৰী প্ৰভাৱ অব্যাহত ৰাখিব বিচৰা নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ষড়যন্ত্ৰ, একনায়কত্ববাদ চালোৱাকে ধৰি একাধিক অভিযোগ উত্থাপন কৰি ত্যাগ কৰিছিল কংগ্ৰেছ দল ।

এইবাৰ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ লগতে দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰি বিজেপিমুখী হ’ল ৰকিবুল হুছেইনৰ লগত ছাঁৰ দৰে লাগি থকা সুৰেশ বৰা । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক Whatsapp যোগে পদত্যাগপত্ৰ প্ৰেৰণ কৰাৰ পাচত শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে সদ্য কংগ্ৰেছত্যাগী নেতা সুৰেশ বৰাই । অৱশ্যে এই পৰ্যন্ত কোনো এগৰাকী কংগ্ৰেছীৰ বিৰুদ্ধে সুৰেশ বৰাই মুখ খোলা নাই যদিও এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ ষড়যন্ত্ৰৰ বলি হৈ সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰা বুলিও নগাঁৱৰ ৰাজনৈতিক মহলত চলিছে সৰৱ চর্চা ।

সুৰেশ বৰাই পদত্যাগ কৰাৰ পাচতেই শুকুৰবাৰে নিশা নগাঁও ৰাজীৱ ভৱনত থকা ৰকিবুল হুছেইনৰ ফটোৰ দৃশ্য এয়া । ৰাজীৱ ভৱনতেই থকা ৰকিবুল হুছেইনৰ ফটোত ক'লা চিয়াঁহী সানিলে কোনো অচিনাক্ত লোকে । কেৱল চিয়াঁহী সনাই নহয় । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ একালৰ ঘনিষ্ঠ বন্ধু ৰকিবুল হুছেইনৰ ফটো সম্বলিত হৰ্ডিঙতেই লিখিলে বিজেপিৰ এজেন্ট বুলি । সুৰেশ বৰাৰ পদত্যাগৰ পাচতেই হঠাৎ ৰকিবুল হুছেইনৰ ফটোত এইদৰে চিয়াঁহী সানি বিজেপিৰ এজেন্ট বুলি লিখাৰ পাচত এয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে একাংশ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ ক্ষোভৰ বহিঃপ্ৰকাশ বুলিও চর্চা চলিছে বিভিন্ন মহলত ।

ইপিনে ৰকিবুল হুছেইনৰ ফটোত চিয়াঁহী সানি দিয়াৰ পাচতেই ৰাজীৱ ভৱনত থকা প্ৰদ্যুৎ বৰদলৈৰ ফটোতো ৰং সানি ৰাজীৱ ভৱনৰ পৰা আঁতৰাই দিয়া হ'ল প্ৰদ্যুৎ বৰদলৈৰ ফটো । এই ঘটনাই পুনৰ এবাৰ স্পষ্ট কৰিলে ৰকিবুল-প্ৰদ্যুতৰ সংঘাত । বিগত ২০১১, ২০১৬ আৰু ২০২১ চনৰ তিনিটাকৈ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিলেও প্ৰতিদ্বন্দী প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল সুৰেশ বৰাই ।

২০১১ আৰু ২০১৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ শক্তিশালী যুজঁ দিবলৈ সক্ষম হৈছিল সুৰেশ বৰা । ২০১১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই লাভ কৰিছিল 55,889 টা ভোট ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰা ভোটৰ সংখ্যা আছিল 39,933 টা ৷

অৰ্থাৎ 15,956 টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল সুৰেশ বৰা । একেদৰে ২০১৬ চনৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই লাভ কৰিছিল 65,768 টা ভোট ৷ বিপৰীতে সুৰেশ বৰাই লাভ কৰিছিল 60,599 টা ভোট ৷

অৰ্থাৎ ২০১৬ চনৰ নিৰ্বাচনত সুৰেশ বৰাই পৰাজয়বৰণ কৰা ভোটৰ ব্যৱধান হ্ৰাস পাইছিল 5,169 টালৈ । এইদৰে ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে লাভ কৰিছিল 70,111 টা ভোট ৷ বিপৰীতে কংগ্ৰেছৰ সুৰেশ বৰাই লাভ কৰা ভোটৰ সংখ্যা আছিল 69,360 টা ৷

২০২১ চনত বিজেপিৰ জিতু গোস্বামীৰ হাতত মাত্ৰ 751 টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰা । বিগত সময়ত বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱাৰ পাচত হঠাৎ সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাত সমষ্টিটোৰ দলীয় কৰ্মীৰ মাজতো সৃষ্টি হৈছে হতাশাৰ ।

ইফালে সুৰেশ বৰাৰ পদত্যাগৰ পাচত সমষ্টিটোৰ ভোটাই পাথৰী জিলা পৰিষদৰ সদস্যা গীতাঞ্জলী হাজৰিকায়ো কংগ্ৰেছ ত্যাগ কৰে । মুঠৰ ওপৰত সুৰেশ বৰাৰ কংগ্ৰেছ ত্যাগে নগাঁও কংগ্ৰেছলৈ যেন আনি দিলে আন এক নতুন বিপৰ্যয় ।

লগতে পঢ়ক : Dynastic politics : পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ বিজেপিক সমালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.