ETV Bharat / state

Community fishing in KNP: পৰম্পৰা বনাম আইনৰ বাধা..কাজিৰঙাত মাছ ধৰিলে নে ৰাইজে ?

author img

By

Published : Jan 14, 2023, 1:26 PM IST

উৰুকাৰ পৰম্পৰা অনুযায়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সামূহিক মৎস্য চিকাৰলৈ আহিল সহস্ৰাধিক লোক (Community fishing in Kaziranga)। কিন্তু বাধা প্ৰশাসন তথা বন বিভাগৰ । প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে । পিছে কাজিৰঙাত মাছ ধৰিবলৈ অনুমতি দিয়া হ'ল নে ?

Community fishing in KNP
কাজিৰঙাত মাছ ধৰিলে নে ৰাইজে

কাজিৰঙাত মাছ ধৰিলে নে ৰাইজে

কাজিৰঙা,১৪ জানুৱাৰী : কাজিৰঙাত পৰম্পৰাগত মৎস্য চিকাৰৰ বিতৰ্কৰ অৱসান (Kaziranga community fishing controversy)। ৰাইজৰ প্ৰতিবাদত সেও মানিলে স্থানীয় প্ৰশাসন আৰু বন বিভাগ । সহস্ৰাধিক লোকে অংশ ল'লে সামূহিক মৎস্য চিকাৰ পৰ্বত । পিছে বহুতে মাছ নাপাই নিৰাশ হৈ ঘৰলৈ উভতিব লগা হ'ল ।

উল্লেখ্য যে উৰুকাৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত সামূহিক মৎস্য চিকাৰ এক পৰম্পৰা (Traditional fishing on the occasion of Uruka)। সেই পৰম্পৰা ৰক্ষা কৰি ৰাজহুৱা পুখুৰী, নৈ, বিল আদিত একেলগে ৰাইজে মিলি মাছ ধৰে । কাজিৰঙাৰ বিলসমূহতো প্ৰতিবছৰে এই পৰম্পৰা ৰক্ষা কৰি হাজাৰ হাজাৰ লোকে সামূহিক মৎস্য চিকাৰ পৰ্বত অংশ লৈ আহিছে (Magh Bihu community fishing)। পিছে বন সুৰক্ষা আৰু ৰাষ্ট্ৰীয় উদ‍্যানৰ জৈৱ-বৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থত কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল ।

লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বিল-জলাশয়ত ভোগালীৰ উৰুকাত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু প্ৰশাসনৰ এই নিষেধাজ্ঞা নামানি পুৱাই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত সহস্ৰাধিক লোক ওলাই আহিল মাছ ধৰিবলৈ । কিন্তু প্ৰশাসনে লোকসকলক দীৰ্ঘ সময় ধৰি বাধা দিয়াৰ চেষ্টা কৰে । বন বিভাগ আৰু প্ৰশাসনৰ বিৰুদ্ধে লোকসকলে তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰে ।

অৱশেষত ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখি মাছ ধৰিবলৈ অনুমতি দিলে প্ৰশাসনে । লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত মাছ ধৰিবলৈ নামি পৰিল সহস্ৰাধিক লোক । কোনোৱে মাছ পালে, কোনোৱে নাপালে । তথাপিও ভোগালীৰ উৰুকাৰ দিনটোৰ পৰম্পৰা ৰক্ষা কৰিবলৈ পায় সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিল ।

উল্লেখ্য যে বিগত বছৰতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উৰুকাৰ দিনটোত মাছ ধৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল । প্ৰশাসন আৰু বন বিভাগে মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ । মৎস্য চিকাৰৰ বাবে অহা একাংশ লোকে আনকি ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন ৰখাই পথ অৱৰোধো কৰিছিল । বিগত বৰ্ষৰ দৰে যাতে পৰিস্থিতি নহয় তাৰ বাবে এইবাৰ আগতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা কলিয়াবৰ মহকুমা প্ৰশাসনে মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰি ১৪৪ ধাৰা জাৰি কৰিছিল (Fishing prohibited in Kaziranga National Park)।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলত সষ্টম আছিল বন বিভাগ (Traditional fishing on Uruka at KNP) ।কিন্তু এইবাৰো ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে বন বিভাগ আৰু প্ৰশাসনে ।

লগতে পঢ়ক :Public Fishing on Bhogali Bihu : কাজিৰঙাত নিষিদ্ধ ভোগালীৰ পৰম্পৰাগত মৎস্য চিকাৰ, উদ্ধাৰ দুষ্প্ৰাপ্য চেং মাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.