নগাঁও,15 ফেব্ৰুৱাৰী: ভেলেণ্টাইন ডে’ বুলি ক'লে আমি সাধাৰণতে প্ৰেমৰ এটা বিশেষ দিনক বুজো ৷ প্ৰেম বুলিলে যুৱক-যুৱতীৰ মাজৰ এক বিশেষ অনুভৱক বুজা যায়, যদিও বিভিন্ন জনৰ বাবে প্ৰেমৰ সংজ্ঞা ভিন্ন ভিন্ন ৷ প্ৰেমৰ কোনো সংজ্ঞা নাই, কাৰণ প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি ৷ যি অনুভুতি কাৰো লগতে তুলনা নহয় ৷ তাৰ মাজতে প্ৰেমৰ দিনটোত নগাঁৱৰ এদল যুৱকে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ ৷ জাক-জমকতাৰ পৰা দূৰৈত থাকি যুৱককেইজনে পালন কৰিলে প্ৰেমৰ বিশেষ দিনটো ৷
যুৱকৰ দলটোৱে নগাঁৱৰ পদপথত থকা অসহায় লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ লগতে গৰম কাপোৰ বিতৰণ কৰি ব্যতিক্ৰমী ৰূপত উদযাপন কৰে প্ৰেমৰ দিন ৷ আহাৰৰ লগতে আঁঠুৱা বিতৰণ কৰি যুৱকৰ দলটোৱে দেখুৱালে মানৱ প্ৰেমৰ নিদৰ্শন ৷ যুৱক কেইজনৰ এই ব্যতিক্ৰমী পদক্ষেপক শলাগ লৈছে সকলোৱে ৷
লগতে পঢ়ক: হোলোং দ্যা থিয়েটাৰৰ নাট্য মহোৎসৱৰ সামৰণি