ETV Bharat / state

চি আই ডি ৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় সামগ্ৰী

author img

By

Published : May 8, 2020, 1:13 PM IST

আৰক্ষী আৰু চি আই ডি ৰ যৌথ অভিযানত শুকুৰবাৰে নগাঁৱত বৃহৎ পৰিমাণৰ নিচা জাতীয় ঔষধ জব্দ কৰা হয় ৷ জব্দ কৰা ঔষধ খিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ঘৰৰ পৰা জব্দ কৰে সামগ্ৰীখিনি ৷

Cid raid against drugs
চি আই ডি ৰ অভিযানত নগাঁৱত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় সামগ্ৰী

নগাঁও, 8 মে' : লক্ ডাউনৰ মাজতে নগাঁৱত চি আই ডি ৰ অভিযান ৷ আৰক্ষী আৰু চি আই ডি ৰ এই অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় ঔষধ ৷

অভিযানকাৰী দলটোৱে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নেকিবুৰ ৰহমানৰ ঘৰৰ পৰা জব্দ কৰে নিষিদ্ধ সামগ্ৰীখিনি ৷ নগাঁও আৰক্ষীৰ নগৰ শাখা, মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ পানীগাঁও কচুলখোৱাতৰ পৰা জব্দ কৰে সামগ্ৰীখিনি ৷

ইতিমধ্যে আৰক্ষীয়ে কুখ্যাত ব্যৱসায়ী নেকিবুৰ ৰহমানকো আটক কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, সোধাপোচাৰ বাবে আটক কৰিছে আন এগৰাকী লোকক ৷

নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত কৈলাশ নেৱাৰৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে চি আই ডিৰ সহযোগত এই অভিযান চলাই জব্দ কৰে সামগ্ৰীখিনি ৷

লগতে পঢ়ক : মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.