ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত ছাত্ৰ সমাজৰ প্ৰতিবাদ

author img

By

Published : Jul 29, 2020, 9:02 PM IST

কৃষক নেতা অখিল গগৈৰ লগতে সকলো কা বিৰোধী নেতাক মুক্তিৰ লগতে কা বাতিলৰ দাবীত বুধবাৰে নগাঁৱত মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে নগাঁৱৰ ছাত্ৰ সমাজে ।

chatra samaj protest to release akhil at nagaon
অখিল গগৈৰ মুক্তিৰ দাবীৰে নগাঁৱৰ ৰাজপথত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ

নগাঁও,২৯ জুলাই: অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও চহৰতো মহামাৰী ক'ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ মাজতে অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে নগাঁৱৰ ছাত্ৰ সমাজে ।

নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱাৰ সময়তে মধ্য অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ লগতে নগাঁৱৰ বহুকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত গঠন হৈছিল নগাঁও ছাত্ৰ সমাজ ।

বুধবাৰে নগাঁও ছাত্ৰ সমাজৰ সদস্য সকলে নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ মূল পথচোৱাত অৱস্থান কৰি ধৰ্মঘটৰ কাৰ্যসূচীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজপথতেই মুণ্ডন কৰা নগাঁও ছাত্ৰ সমাজৰ এই সকল প্ৰতিবাদকাৰীয়ে চৰকাৰক দিলে হুংকাৰ ।

প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন,পৰিৱেশ আইন ২০২০ বাতিলৰ লগতে কা আন্দোলনৰ জড়িয়তে আইনখন বাতিলৰ দাবী কৰিব গৈ চৰকাৰৰ ৰোষত পৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈকে ধৰি আটাইকেইগৰাকী নেতাক শীঘ্ৰেই বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে। লগতে সাধাৰণ নাগৰিকক অত্যাচাৰ নকৰিবলৈও চৰকাৰক হুংকাৰ দিলে নগাঁৱৰ ছাত্ৰ সমাজৰ প্ৰতিবাদী ছাত্ৰ সকলে ।

লগতে চাওকঃ মাজুলীৰ ৰাইজৰ বদান্যতাঃ বন্যহস্তীক ধৰিলে খাদ্যৰ যোগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.