ৰহা, 8 জুলাইঃ ইটোৰ পিচত সিটো বিতৰ্কত সাঙোৰ খাইছে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা ৷ কিয় বিতৰ্কত সোমাই ব্যৱাসায়ী ৰাজেশ হিম্মৎসিংকা ৷ পোহৰলৈ আহিছে বহু গোপন তথ্য ৷ আমচৈ চাহ বাগানলৈ বিলাসী গাড়ীৰে কোন আহে নিশা ? এগৰাকী যুৱতী গুলিবিদ্ধ হৈ আহত হোৱাৰ পিচতে পোহৰলৈ আহিছে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ গোপন অভিসাৰৰ কথা ৷ ইটিভি ভাৰত অসমৰ হাতত পৰা তথ্য অনুসৰি আমচৈ চাহ বাগানৰ লগতে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাংলোলৈ প্ৰায়েই আহে বহু সুন্দৰী ৷ কিছুদিন পূৰ্বে কেইবাজনীও যুৱতী আহিছিল ব্যৱসায়ীজনৰ বাংলোত নৈশ যাপন কৰিবলৈ । ব্যৱসায়ীজনৰ BMW গাড়ীৰে নিশা ৮.৩০ মান বজাত আহিছিল যুৱতীকেইগৰাকী ।
- কি ঘটিছিল ৰাজেশ হিম্মৎসিংকাৰ বাংলোত ?
সেই নিশা সুৰাৰ পাৰ্টি চলিছিল ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাংলোত ৷ ৰহস্যজনকভাবে নিশা বাংলোত পাৰ্টি চলি থকা অৱস্থাতে ভৰিত গুলি লাগে এগৰাকী যুৱতীৰ ৷ তাৰ পিচতে যুৱতীগৰাকীক লৈ যোৱা হয় নেলী চৰকাৰী চিকিৎসালয়লৈ ৷ কিন্তু আৰক্ষীৰ জালত পৰাৰ ভয়ত লগে লগে যুৱতীগৰাকীক পুনৰ গুৱাহাটীৰ আমিনগাঁওস্থিত নাৰায়না চুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
- নিশা হিম্মৎসিংকাৰ বাংলোত কোন এই সুন্দৰী যুৱতী?
লক্ষণীয় কথাটো হ'ল বিভিন্ন সময়ত আমচৈৰ এই বাংলোটোলৈ নিশা প্ৰায়েই আগমণ ঘটিছিল সুন্দৰী যুৱতীৰ ৷
যাক লৈ বাগিচাৰ শ্ৰমিকসকলে প্ৰায়েই প্ৰতিবাদ কৰিছিল যদিও বাগিচাৰ মালিক হিম্মৎসিংকাই এইবোৰক গুৰুত্ব দিয়া নাছিল । আৰু প্ৰায়েই নতুন নতুন সুন্দৰী লৈ আহিছিল বাগিচাখনলৈ নৈশ যাপন কৰিবলৈ । আনহাতে এই নৈশ পাৰ্টিত ব্যৱসায়ীজনৰ সৈতে সংগ দিছিল গুৱাহাটীৰ কিছু উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু ব্যৱসায়ীয়েও ।
উল্লেখ্য যে এবছৰ পূৰ্বে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাই আত্মহত্যাৰো চেষ্টা চলাইছিল ৷ ব্যৱসায়ীজনৰ বিৰুদ্ধে যুৱতী মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ থকাৰ কথা বহু পূৰ্বৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় লোকসকলে ৷ তাৰপিচতো কি গোপন কাৰণত বাৰে বাৰে সাৰি যায় ৰাজেশ হিম্মৎসিংকা তাক লৈ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে ৷