ETV Bharat / state

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

আত্মীয় স্বজনৰ দ্বাৰা অৱহেলিত হৈ নগাঁও চহৰৰ পদপথৰ সদস্য হৈ পৰা এগৰাকী নিঃসহায় শাৰিৰীক ভাৱে অক্ষম বৃদ্ধাক উদ্ধাৰ কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে প্ৰেৰণ কৰিলে বৃদ্ধাশ্ৰমলৈ

author img

By

Published : Apr 24, 2019, 9:15 AM IST

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

বঢ়মপুৰ, 24 এপ্ৰিলঃ এগৰাকী অৱহেলিত নিঃসহায় বৃদ্ধাক পদ পথৰ পৰা উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে । নগাঁও জিলাৰ ডিমৰুগুৰি আমতল পথৰ নিৱাসী সৰুমাই কলিতা বিগত কিছু দিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত ভঙা ভৰিৰে চুচৰি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। জানিব পৰা মতে তেখেতৰ পুত্ৰ সন্তান নাছিল যদিও বিবাহিত একমাত্ৰ জীয়ৰীৰ লগতে জীৱন অতিবাহিত কৰিছিল। কিন্তু জীয়ৰীৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাত বৃদ্ধা সৰুমাই কলিতাই দিনটোৰ বাবে নগাঁও চহৰৰ পদ পথত এনেদৰে ভিক্ষা মাগি ফুৰে ।

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

চ'ছিয়েল মিডিয়াত বৃদ্ধা গৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে অৱগত হোৱাৰ পিচত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে এটি সজাতি দল লৈ ডিমৰুগুৰিৰ আমতল পথত থকা তেওঁৰ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা সৰুমাই কলিতাক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। বৃদ্ধাগৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু অনাগত দিনত বৃদ্ধাগৰাকীৰ অনান্য চিকিৎসাজনিত ব্যৱস্থাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে ।

Intro:নি:সহায় বৃদ্ধাক নগাঁও চহৰৰ পদ পথৰ পৰা উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে ।

Anchor=এফালে মানবতাৰ অপমৃত্যু আনফালে যান্ত্ৰী কতা যুগৰ ব্যস্ততাময় পৃথিৱীৰ পৰা মানৱতাক জীয়াই ৰখাৰ বাবে এচামৰ বিৰামহীন প্ৰছেষ্টা।ইয়াকে প্ৰমান হল নগাঁৱত।নিজ জী জোৱাইৰ দ্বাৰা অবহেলিত হৈ নগাঁও চহৰৰ পদপথৰ সদস্য হৈ পৰা এগৰাকী নিঃসহায় শাৰিৰীক ভাৱে অক্ষম বৃদ্ধাক উদ্ধাৰ কৰি নগাঁও জিলাৰ ন্যায় সেৱাৰ প্ৰাধিকাৰীয়ে প্ৰেৰণ কৰে বৃদ্ধাশ্ৰমলৈ ।

Body:V/o = নিজ জী জোঁৱাইৰ পৰা অৱহেলিত এগৰাকী নিঃসহায় আইতাক উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে । জানিব পৰা মতে নগাঁও জিলাৰ ডিমৰুগুৰি আমতল পথৰ নিৱাসী সৰুমাই কলিতা(৬৫) বিগত কিছু দিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত ভঙা ভৰিৰে চুচৰি- চুচৰি খুজি-মাগী জীৱন নিৰ্বাহ কৰি আহিছিল। তেখেতৰ কোনো পুত্র সন্তান নাছিল যদিও বিবাহিত একমাত্র জীয়ৰীৰ লগতে জীৱন অতিবাহিত কৰিছিল।কিন্তু একমাত্র জীয়ৰীৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাত বৃদ্ধা সৰুমাই কলিতাই দিনটোৰ বাবে নগাঁও চহৰৰ পদ পথত এনেদৰে ভিক্ষা মাগী ফুৰে ।চছিয়েল মিডিয়াৰ বৃদ্ধা গৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে জানিব পাৰিছিল নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে ।প্ৰণিতা মৰাঙৰ নেতৃত্বত যোৱা এটি সজাতি দলে ডিমৰুগুৰিৰ আমতল পথত থকা তেওঁৰ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা সৰুমাই কলিতাক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

Byte=প্ৰনিতা মৰাঙ ,গ্ৰাম বিকাশ পৰিষদৰ সদস্য

Conclusion:V/o=বৃদ্ধাগৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু অনাগত দিনত বৃদ্ধাগৰাকীৰ অনান্য চিকিৎসাজনিত ব্যৱস্থাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে।নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ দৰিদ্ৰ লোকৰ প্ৰতি থকা সহানুভূতি তথা প্ৰাধিকাৰীৰ এনে তাৎক্ষণিক পদক্ষেপৰ বাবে নগাঁৱৰ সচেতন লোক
সকলে শলাগ লৈছে।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.