ETV Bharat / state

কলিয়াবৰত অচিৰেই মুকলি হ'ব ব্লাড বেংক

Blood donation camp : প্ৰতি বছৰে ভাৰতবৰ্ষক ২৫০ ছি ছিৰ ৪০ লাখ একক তেজৰ প্ৰয়োজন হয় । কিন্তু মাত্ৰ ৫০০০০০ একক তেজহে উপলব্ধ হয় । ইয়াৰ মূলতে হৈছে মানুহৰ মাজত সজাগতাৰ অভাৱ ।

Kaliabor Civil Hospital
কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 2:22 PM IST

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়

কলিয়াবৰ, ২৭ ডিচেম্বৰ: কলিয়াবৰত অচিৰেই মুকলি হ'ব ব্লাড বেংক । আজি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক ৰক্তদান শিৱিৰত এই কথা প্ৰকাশ কৰিছে চিকিৎসালয়খনৰ উপ-অধীক্ষক ডাঃ জয়দেৱ কাকতিয়ে । ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ তদাৰকত এই প্ৰয়োজনী কাম-কাজ আগবাঢ়িছে বুলি চিকিৎসকগৰাকীয়ে কয় । কলিয়াবৰত এই ব্লাড বেংক মুকলি হ'লে অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত এই ৰক্তদান শিৱিৰত ৰক্তদান পৰামৰ্শদাতা ৰিপু দত্তই ৰক্তদান উপকাৰীতাৰ বিষয়ে ব্যাখ্যা কৰে ।

তেওঁ কয় যে আনৰ বাবে নহ'লেও নিজৰ বাবেই ৰক্তদান কৰক । নিয়মীয়া ৰক্তদান মানে এটা নিয়মীয়া স্বাস্থ্য পৰীক্ষা । কিবা জটিল ৰোগত আক্ৰান্ত হ'লেও প্ৰাথমিক পৰ্যায়তেই ধৰা পৰি যায় । বিভিন্ন উৎসত ৰক্তদানৰ বিষয়ে পোৱা তথ্য তেজ হৈছে জীৱনী তৰল যি জীৱনৰ ভেঁটি । তেজ ৬০ শতাংশ তৰল আৰু ৪০ শতাংশ গোটা পদাৰ্থৰে তৈয়াৰী । ইয়াৰ তৰল পদাৰ্থবিধক প্লাজমা বোলে । প্লাজমাত ৯০ শতাংশ পানী আৰু ১০ শতাংশ পুষ্টি, হৰমন আদি থাকে। এইবোৰ অতি সহজে খাদ্য, ঔষধ আদিৰ দ্বাৰা পৰিপুৰিত হয় । কিন্তু গোটা ভাগটোত থকা শ্বেতৰক্ত কনিকা, লোহিত ৰক্তকনিকা আৰু প্লেটলেট নোহোৱা হ'লে পৰিপূৰণ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় । ইয়াতেই আপোনাৰ ৰক্তদানৰ প্ৰয়োজনীয়তা আহি পৰে ।

ৰক্তদান পৰামৰ্শদাতা ৰিপু দত্তই কয় যে এনে গোটা অংশ নোহোৱা হ'লে ইয়াক পৰিপূৰণ কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাৰ ভিতৰত ৰোগীৰ মৃত্যুও হ'ব পাৰে । কেতিয়াবা শৰীৰটোৱে ইয়াৰ পৰিপূৰণ কৰিব পৰা অৱস্থাত নাথাকে। আপুনি জানে যে তেজ কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব পৰা নাযায়, ইয়াক দান দিব লাগে। অৰ্থাৎ তেজ প্ৰয়োজন হোৱা ব্যক্তিক আপুনি ৰক্তদান কৰি জীৱনদান কৰিব পাৰে ।

প্ৰতি বছৰে ভাৰতবৰ্ষক ২৫০ ছি ছিৰ ৪০ লাখ একক তেজৰ প্ৰয়োজন হয়, কিন্তু মাত্ৰ ৫০০০০০ একক তেজহে উপলব্ধ হয় । তাদুপৰি নিয়মীয়া ৰক্তদানে নতুন ৰক্ত কণিকাৰ সৃষ্টি বৃদ্ধি কৰে । কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে কৰে বুলিও তেওঁ কয় ।

লগত পঢ়ক:কুসুম কৈলাসৰ বসন্তৰ উতলা বা শীৰ্ষক গীতৰ এলবাম মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.