ETV Bharat / state

জন সমুদ্ৰলৈ পৰিণত জুৰীয়া - বিজেপি প্ৰাৰ্থী নাজিৰ হুছেইন

হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে জন সমুদ্ৰলৈ পৰিণত হ'ল জুৰীয়া । জুৰীয়া খেলপথাৰত বিজেপি প্ৰাৰ্থী নাজিৰ হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ আহিল সৰ্ব ভাৰতীয় জামাত-ই-উলেমাৰ সভাপতি ছোৱাইব কাছিমী আৰু ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ নেতা মুক্তাৰ হুছেইন খান ।

জনসমুদ্ৰলৈ পৰিণত হ'ল জুৰীয়া
জনসমুদ্ৰলৈ পৰিণত হ'ল জুৰীয়া
author img

By

Published : Mar 22, 2021, 9:27 PM IST

ৰূপহীহাট,22 মাৰ্চ: ৰূপহীহাট সমষ্টিৰ জুৰীয়াত বিজেপি প্ৰাৰ্থী নাজিৰ হুছেইনৰ বিশাল নিৰ্বাচনী সভা । হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে জন সমুদ্ৰলৈ পৰিণত হ'ল জুৰীয়া । সভাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা বিহাৰৰ উদ্যোগ মন্ত্ৰী শ্বাহনাৱাজ হুছেইন উপস্থিত হোৱাৰ কথা আছিল যদিও কোনো বিশেষ কাৰণত উপস্থিত নোৱাৰিলে ৷ ইয়াৰ বিপৰীতে সভাত উপস্থিত হয় সৰ্ব ভাৰতীয় জামাত ই উলেমাৰ সভাপতি ছোৱাইব কাছিমী আৰু ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ নেতা মুক্তাৰ হুছেইন খান ।

জনসমুদ্ৰলৈ পৰিণত হ'ল জুৰীয়া
জনসমুদ্ৰলৈ পৰিণত হ'ল জুৰীয়া

জুৰীয়া খেলপথাৰত বিজেপি প্ৰাৰ্থী নাজিৰ হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ অহা ৰাজ্যিক নেতাজনে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে পুনৰবাৰ অসমত বিজেপি চৰকাৰ হ'ব বুলিও উল্লেখ কৰে । বিজেপিৰ সভাখনত ৰাষ্ট্ৰীয় নেতাৰ ভাষণ শুনিবলৈ প্ৰখৰ ৰ'দতো হাজাৰ হাজাৰ ভোটাৰ ৰাইজ উপস্থিত থকাটোৱে এক বিশেষ মাত্ৰা বহন কৰিছে ৷

লগতে পঢ়ক: গেৰাণ্টি নিদিওঁ,কামেৰে কৰি দেখুৱাও: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.