ETV Bharat / state

ধংসৰ গৰাহত চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ" - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছ চৰকাৰৰ দিনতে বিলখনৰ কাষতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটিছিল ৷ কিন্তু আজি সেই পৰ্যটনস্থলী বৰ্তমান মদ, ভাং, জুৱা, ড্ৰাগছৰ আড্ডালৈ পৰ্যবসিত হোৱাৰ লগতে হাবি-জংঘলে আৱৰি ধৰিছে সমগ্ৰ প্ৰকল্পটো ।

বিল পক্ষী নিৰিক্ষণ কেন্দ্ৰ
ধংসৰ গৰাহত চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"
author img

By

Published : Jun 19, 2021, 9:29 PM IST

Updated : Jun 27, 2022, 3:29 PM IST

চামগুৰি, 19 জুন : নগাঁৱৰ ঐতিহ্যমণ্ডিত চামগুৰি বিলৰ পাৰত নিৰ্মাণ কৰা "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ" বৰ্তমান ধ্বংসৰ গৰাহত । উল্লেখযোগ্য যে, ২০০৬ চনতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰ আমোলৰ তদানীন্তন ৰাজ্যিক বিত্ত আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"ৰ । সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বিলখনৰ কাষতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটিছিল ৷ কিন্তু আজি সেই পৰ্যটনস্থলী বৰ্তমান মদ, ভাং, জুৱা, ড্ৰাগছৰ আড্ডালৈ পৰ্যবেসিত হোৱাৰ লগতে হাবি-জংঘলে আৱৰি ধৰিছে সমগ্ৰ প্ৰকল্পটো ।

উল্লেখযোগ্য যে, বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰটোৰ চৌপাশতে নিৰ্মাণ কৰা "ৰ'কলেণ্ড পাৰ্ক" খনো হাবি-জংঘলে আৱৰি আছে । একেদৰে ক্ৰমাৎ ধ্বংস হৈ যাবলৈ ধৰিছে ২০১৪ চনতে নিৰ্মাণ কৰা মিনি পেচেঞ্জাৰ অৰ্থাৎ ৰোপৱে' । চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ আমোলৰ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয়ে সাপেক্ষে নিৰ্মাণ কৰিছিল এই বহুমুখী প্ৰকল্পটো ৷ কিন্তু এই প্ৰকল্প এতিয়া তত্বাৱধানৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷

ধংসৰ গৰাহত চামগুৰিৰ "বিল-পক্ষী নিৰিক্ষণ কেন্দ্ৰ"

বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সম্প্ৰতি এই পৰিত্যক্ত হৈ থকা পৰ্যটনস্থলী আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

লগতে এখন তদাৰক কমিটি গঠন কৰি প্ৰকল্পটো নিৰীক্ষণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ৷ এনেদৰে চামগুৰিত বিভিন্ন ঠাইত সৰু-বৰ বহুতো পৰ্যটনস্থলী আছে, যিবোৰ তদাৰক আৰু পৰিচৰ্যাৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ এনে পৰ্যটনস্থলীৰ পুনৰ নিৰ্মাণ হ’লে ৰাজ্যৰ ৰাজহ ব্যৱস্থা টনকিয়াল হৈ পৰাৰ আশা প্ৰকাশ কৰিছে সচেতন লোকে ৷

লগতে পঢ়কঃ হোজাইৰ অবৈধ কাঠফলা কলত বন বিভাগৰ অভিযান

Last Updated : Jun 27, 2022, 3:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.