নগাঁও,21 এপ্ৰিল: কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে দেশ জুৰি অব্যাহত আছে লক ডাউন ৷ এই মাৰাত্মক ভাইৰাছৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে সকলো লোক ঘৰতে আবদ্ধ হৈ থকাৰ বাবে এইবাৰ অসমীয়া ৰাইজে উদযাপন কৰিব নোৱাৰিলে হেপাহৰ ৰঙালী বিহু ৷ বিহুৰ এই সময়ছোৱাতে সকলো অসমীয়াই ঘৰতে সোমাই ৰঙালীৰ আনন্দ উপভোগ কৰিছে যদিও সেই ন্যূনতম আনন্দ খিনিৰ পৰাও বঞ্চিত হ'ব লগীয়া হৈছে বিভিন্ন জৰুৰীকালীন সেৱাত নিয়োগ হৈ থকা ৰাজ্যৰ হাজাৰ হাজাৰ অসমীয়া কৰ্মচাৰী ৷
কিন্তু দায়িত্বৰ খাতিৰত কৰ্তব্যত থাকিল বুলিয়েই জানো ৰঙালীৰ বিহুটি জানো এপাক ননচাকৈ থাকিব পাৰি ? লক ডাউনৰ মাজতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি সকলো ৰাইজে ঘৰতে উদযাপন কৰাৰ সময়তে বিহুৰ বতৰত এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গ'ল নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷ কৰ্ম ব্যস্ততাৰ মাজতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আৰক্ষীয়ে ক্ষন্তেক বিৰতিৰ মাজতে নাচিলে বিহু ৷ নগাঁও আৰক্ষীৰ ফেচবুকৰ পেজৰ জৰিয়তে প্ৰচাৰ হোৱা এই বিহু নৃত্যৰ ভিডিঅ'ই যথেষ্ট সমাদৰ লাভ কৰিছে ৰাইজৰ ৷
লগতে পঢ়কঃ ধেমাজিত চৰকাৰী সাহাৰ্য বিতৰণত অনিয়মৰ অভিযোগ