ETV Bharat / state

বঢ়মপুৰৰ আদৰ্শ গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা

author img

By

Published : May 30, 2021, 8:47 PM IST

বঢ়মপুৰৰ আদর্শ গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা নগাঁও জিলা প্ৰশাসনৰ । গাঁওখনত ১৮ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি । যাৰ বাবে নগাঁও ৰাজহ চক্ৰ বিষয়া আৰু বঢ়মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা কর্মীৰ উপস্থিতিত দেওবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ আগন্তুক পোন্ধৰ দিনৰ বাবে অঞ্চলটোক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

containment zone
বঢ়মপুৰৰ আদৰ্শ গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

চামগুৰি,৩০ মে': ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বঢ়মপুৰৰ আদর্শ গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে । উপায়ুক্তৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বঢ়মপুৰৰ আদর্শ গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হয় ।

লক্ষ্যণীয়ভাৱে গাঁও খনত ১৮ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । যাৰ বাবে নগাঁও ৰাজহ চক্ৰ বিষয়া আৰু বঢ়মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা কর্মীৰ উপস্থিতিত দেওবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ আগন্তুক পোন্ধৰ দিনৰ বাবে অঞ্চলটোক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈ বৰুণ কলিতা নামৰ এজন লোকৰো মৃত্যু হৈছে ।

আনহাতে, ৰাইজৰ সুবিধাৰ্থে চিকিৎসাকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে । আগন্তুক দিনত উক্ত অঞ্চলত বাস কৰা বা বাহিৰৰ লোকৰ অহা যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ ক’ভিড সজাগতা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.