ETV Bharat / state

বংগত সতিৰ্থৰ 18 জাই গুলিত নিহত কৰ্তব্যৰত অসমৰ জোৱান - etv bharat

উল্লেখ্য যে অসম আৰক্ষীৰ সাত নম্বৰ বেটিলিয়নৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিবৰ্ষণ কৰে । জোৱানজনৰ 18 জাই গুলিত থকা-সৰকা ভোলানাথ দাস৷

বংগত সতিৰ্থৰ 18 জাই গুলিত নিহত কৰ্তব্যৰত অসমৰ জোৱান
author img

By

Published : May 4, 2019, 12:27 PM IST

নগাঁও, 3 মেঃ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ তুলসি মুখ বুঢ়া গোঁসাই গাঁৱত৷ কাৰণ সতীৰ্থৰ গুলিত মৃত্যুক আকোৱালি লবলগীয়া হ'ল অসম আৰক্ষীৰ সাত নম্বৰ বেটেলিয়ানৰ উপ পৰিদৰ্শক ভোলানাথ দাসে৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্ব লৈ অসমৰ পৰা পশ্চিমবংগৰ হাওড়ালৈ যোৱা অসম আৰক্ষীৰ এটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে৷

বংগত সতিৰ্থৰ 18 জাই গুলিত নিহত কৰ্তব্যৰত অসমৰ জোৱান

পৰৱৰ্তী সময়ত কাজিয়াই এক ভয়াৱহ ৰূপ লয় আৰু অসম আৰক্ষীৰ সাত নম্বৰ বেটেলিয়ানৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিবৰ্ষণ কৰে । মুঠ 18 জাঁই গুলি চালনা কৰাৰ ফলত অসম ৰাইফেলছৰ উপ পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলিবদ্ধ হৈ ৰন্তোমনি মোধক আৰু অনিল ৰাজবংশী নামৰ জোৱান দ্বয় গুৰুতৰভাৱে আহত হয়৷ আহত জোৱান দ্বয় বৰ্তমান চিকিৎসাধীন বুলি জানিব পৰা গৈছে৷

আনহাতে ভোলানাথ দাসৰ মৃত্যুৰ খবৰ পাই নগাঁৱৰ তুলসি মুখ বুঢ়া গোঁসাই গাঁৱৰ ঘৰখনৰ লগতে সমগ্ৰ গাঁওখনতে শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ অতিশীঘ্ৰে ভোলানাথ দাসৰ মৃত শৰীৰ পৰিয়ালৰ লোকক উভতাই অনিবলৈ অসম আৰক্ষীক প্ৰাৰ্থনা পৰিয়ালৰ লোকৰ লগতে হত্যাকাৰী জোৱানক দৃষ্টান্ত মূলক শাস্তী দিয়াৰ দাবী কৰে গাঁওবাসীয়ে৷

Intro:বংগৰ নিৰ্বাচনত কৰ্তব্যৰত অসমৰ জোৱান সতিৰ্থৰ গুলিত নিহত ।নগাঁৱৰ তুলসি মুখ বুঢ়াগোসাই গাঁৱত শোকাকুল পৰিবেশ ।

Anchor=শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ তুলসি মুখ বুঢ়া গোঁসাই গাঁৱত ।বহু জনলোকে ভীৰ কৰিছেহি নিজৰ সৰ্তীথৰ গুলিত নিহত উপ পৰিদৰ্শক ভোলানাথ দাসৰ ঘৰত ।উল্লেখ্য যে লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্ব লৈ অসমৰ পৰা পশ্চিমবংগৰ হাওড়া জিলাৰ বাগানলৈ যোৱা অসম আৰক্ষীৰ সাত নম্বৰ বেটিলিয়নৰ উপ পৰিদৰ্শক ভোলানাথ দাস সতীৰ্থৰ গুলিত প্ৰাণ হেৰুৱাৰ লগতে আক্ৰমণকাৰী জোৱান জনৰ গুলিত আন দুগৰাকী জোৱান গুৰুতৰ ৰূপে আহত হৈ মৃত্যুৰ সৈতে যুজি আছে বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ দলটো মাজত কাজিয়াৰ সূত্ৰপাত ঘটে।এই কাজিয়া এটা সময়ত অন্য ৰূপ লয় আৰু অসম আৰক্ষীৰ সাত নম্বৰ বেটিলিয়নৰ জোৱান
লক্ষ্মীকান্ত বৰ্মনে নিজৰ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিয়াবলৈ ধৰে।মুঠ ১৮ জাঁই গুলি চালনা কৰাৰ ফলত অসম ৰাইফেলছৰ উপ পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলিবিদ্ধ হৈ ৰণ্টুমনি মোধক আৰু অনিল ৰাজবংশী নামৰ জোৱান দ্বয় গুৰুতৰ ৰূপে আহত হৈ বৰ্তমানে চিকিৎসাধীন হৈ আছে বুলি জনা গৈছে ।
Body:
Byte=পৰিয়ালৰ লোক ।

ইফালে বুঢ়া গোসাই গাঁৱৰ বিভিন্ন সামাজিক কামত জড়িত থকা ভোলানাথ দাসৰ মৃত্যু সমগ্ৰ গাঁওখনতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।গাঁওবাসীয়ে দাসৰ হত্যাকাৰী দৃষ্টান্ত মূলক শাস্তী দিয়াৰ দাবী কৰিছে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.