নগাঁও, 28 ছেপ্তেম্বৰ: এবছৰ পূৰ্বে যোৰহাটৰ পুলিবাগানৰ এজন দৰিদ্ৰ পিতৃয়ে টকাৰ বিনিময়ত নিজ কন্যাক ডিমাপুৰৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰী কৰাৰ পাচত পোহৰলৈ আহিছে যুৱতী গৰাকীৰ বৰ্তমানৰ স্থিতি ৷ জানিব পৰা মতে, এই দুৰ্ভগীয়া যুৱতী গৰাকী এতিয়া নগাঁও ৰাজ্যিক শিশু আৰু নাৰীগৃহৰ আলহী ৷
যুৱতী গৰাকীয়ে সদৰি কৰা মতে, এবছৰৰ অন্তত অসাধু চক্ৰৰ পৰা পলাই আহিবলৈ সক্ষম হোৱা যুৱতী গৰাকীক ডিমাপুৰৰ আৰক্ষীয়ে বাটত ঘূৰি-ফুৰা অৱস্থাত উদ্ধাৰ কৰি কাৰ্বি আংলং আৰক্ষীৰ হাতত গতাই দিয়ে ৷ ইয়াৰ পাচতে কাৰ্বি আংলং আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰি যুৱতী গৰাকীক নগাঁও ৰাজ্যিক শিশু আৰু নাৰীগৃহলৈ লৈ যায় ।
অসাধু চক্ৰৰ হাতত শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈ জীৱনৰ ছন্দ হেৰুৱাই পেলোৱা এই যুৱতী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিৱৰি কৈছে ঘটনাৰ আদ্যোপান্ত ।
লগতে পঢ়ক: মৰ্মান্তিকঃ ঘোঁৰাগাড়ীত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰোগীৰ