ETV Bharat / state

Assam Gunotsav 2023: জাগীৰোডত পুৱাৰে পৰা বিদ্যালয় পৰিদৰ্শন অসম চৰকাৰৰ দুই মন্ত্ৰীৰ - ঘুনুচা প্ৰাথমিক বিদ্যালয়

গুণোৎসৱ উপলক্ষে জাগীৰোডৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Assam Gunotsav 2023) ৷ বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগত মত বিনিময় দুই মন্ত্ৰীৰ ৷

Ranoj pegu Keshab Mahanta visited schools in Jagiroad during third phase of Gunotsav
বিদ্যালয় পৰিদৰ্শন ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তৰ
author img

By

Published : Feb 16, 2023, 4:51 PM IST

বিদ্যালয় পৰিদৰ্শন ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তৰ

মৰিগাঁও, 16 ফেব্ৰুৱাৰী: আজি মৰিগাঁও জিলাৰ জাগীৰোডত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education minister Ranoj Pegu) আৰু স্বাস্থ্যমন্ত্ৰী তথা মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ শিক্ষা বিভাগৰ চলিত বৰ্ষৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে (Gunotsav 2023) মন্ত্ৰী দুগৰাকীয়ে পৰিদৰ্শন কৰে জাগীৰোডৰ দুখনকৈ বিদ্যালয় (Keshab Mahanta visited school in Jagiroad) ৷

পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী থকা জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj pegu visited schools in Jagiroad) ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্যৰ লগত মত বিনিময় কৰে ৷ লগতে মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়া অক্ষয় পাত্ৰক আৰু ৰান্ধনী, সহকাৰীসকলে প্ৰাপ্য সকলো মাননি সময়মতে পাই থাকিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে (Assam Gunotsav 2023) ৷

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যৰ বিদ্যালয়সমূহৰ গুণগত মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, ডিমা হাচাও, নলবাৰী, দৰং, গোৱালপাৰা, বঙাইগাঁও আৰু কাচাৰ জিলাত অনুষ্ঠিত হৈছে গুণোৎসৱ । বিদ্যালয়নখনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলৰে মত বিনিময়ত কৰি বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু অভিভাৱক, পৰিচালনা সমিতি আৰু জিলা শিক্ষা বিভাগৰ সহযোগিতাৰ প্ৰশংসা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

আনহাতে, গুণোৎসৱ উপলক্ষে জাগীৰোডৰ সীতাজখলা মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী তথা মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ লগত মিলিত হৈ বিদ্যালয়ৰ আন্তঃগাঁথনি সম্পৰ্কে আলোচনা কৰি কয় যে, ৰাজ্য চৰকাৰে গুণোৎসৱৰ জৰিয়তে প্ৰতিখন মূল্যায়ন কৰিছে ৷ লগতে মানদণ্ড নিৰূপণ কৰি ভৱিষ্যতৎ দিনৰ পৰিকল্পনা কৰিছে চৰকাৰখনে ।

উল্লেখ্য যে, গুণোৎসৱৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিক্ষাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা (Third phase of Gunotsav)। গুণোৎসৱত সামৰি লোৱা বিদ্যালয় মূল্যায়নৰ চাৰিটা দিশ হ’ল, দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা- সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ ৷

লগতে পঢ়ক: Gunotsav 2023 in Guwahati: গুণোৎসৱ উপলক্ষে মহানগৰ জিলাৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.