ETV Bharat / state

মৰিগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ট্ৰেক্টৰ বিতৰণ - মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনি

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে মৰিগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভণি কৰে, বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

tractor distribution in morigaon
tractor distribution in morigaon
author img

By

Published : Jun 19, 2020, 3:11 PM IST

মৰিগাঁও. 19 জুনঃ শুকুৰবাৰে পুৱাৰ ভাগত মৰিগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভণি কৰে, স্থনীয় বিধায়ক তথা অসম মীন উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷ মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে 11 টাকৈ কৃষি উৎপাদন গোটত একোখনকৈ ট্ৰেক্টৰ বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷

মৰিগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ট্ৰেক্টৰ বিতৰণ

বিজেপি চৰকাৰে কৃষকৰ বাবে ৰূপায়ণ কৰা এই আঁচনিখনৰ বিষয়ে বিধায়ক গৰাকীয়ে, চৰকাৰে এই ট্ৰেক্টৰ ক্ৰয় কৰাৰ বাবে প্ৰতিটো গোটক ৭০ শতাংশ ধন প্ৰদান কৰিছে বুলি উল্লেখ কৰে ৷ অৰ্থাৎ কৃষকসকলে ৩০ শতাংশ ধন দিলেই একোখনকৈ মহিন্দ্ৰাৰ ট্ৰেক্টৰ লাভ কৰিব পাৰিব ৷ সেয়ে কষক সকলে চৰকাৰী আঁচনিসমূহৰ অংশীদাৰ হৈ জিলা খনৰ লগতে ৰাজ্য তথা দেশৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ বান আৰু গৰাখহনীয়াগ্ৰস্ত জিলাখনৰ ৯০ শতাংশ লোকেই কৃষি নিৰ্ভৰ সেয়ে কৃষক সকলক স্বাৱলম্বী ভাৰত গঢ়াৰ বাবে আত্মনিয়োগ কৰিবলৈয়ো আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.