ETV Bharat / state

শংকৰ সংঘ নহয় এইবাৰ একশৰণ নামধৰ্ম জনজাতি সমাজৰ নিষেধাজ্ঞা ! - গাহৰি

এইবাৰ গাহৰি আৰু কুকুৰা পালনত নিষেধাজ্ঞা আৰোপ ধৰ্মীয় সংগঠনটোৰ ৷

এইবাৰ বিৰ্তকৰ আওতাত একশৰণ নামধৰ্ম জনজাতি সমাজ
author img

By

Published : May 28, 2019, 9:42 AM IST

মৰিগাঁও , 28 মে': সোমবাৰে বিয়লি মৰিগাঁও জিলা মিডিয়া ক্লাবত "একশৰণ নামধৰ্ম জনজাতি সমাজৰ" লোক সকলে সংবাদ মাধ্যমৰ আগত শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুগামীসকলে এক গভীৰ ধৰ্ম সংকটৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে । ধৰ্মীয় সংগঠনটোৰ পদাধিকাৰ সুচিত্ৰ কালিয়া, প্ৰধান সচিব ডিম্বেশ্বৰ দেউৰী আৰু মুখ্য প্ৰচাৰক বিজন পাটৰকে প্ৰমুখ্য কৰি ধৰ্মীয় নেতৃত্বই গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলা আৰু খোৱাক কেন্দ্ৰ কৰি বহু ধৰ্মীয় সমস্যা হৈছে বুলি মন্তব্য কৰে ৷

বিৰ্তকৰ আওতাত একশৰণ নামধৰ্ম জনজাতি সমাজ

তেওঁলোকৰ মতে জনজাতি সমাজ যিহেতু শংকৰদেৱৰ অনুগামী ভক্ত সেয়ে গুৰু জনাৰ খাদ্যাভাস অনুসৰি নিৰামিষ ভোজন কৰাটো প্ৰয়োজন ৷ লগতে গুৰুজনাৰ ধৰ্মত ব্ৰতী থাকিবলৈ হ'লে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলা আৰু ভক্ষণ কৰাটো সমুলঞ্চে নিষিদ্ধ ৷ ইয়াৰোপৰিও এই নীতি মানি নচলা ভক্তক সংগী পদ বাতিল কিম্বা যিকোনো অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনজাতি সমাজৰ ধৰ্মীয় নেতৃত্ব সকলো বাধ্য হ'ব বুলি সকীয়াই দিয়ে ৷ ইপিনে ধৰ্মৰ নামত ৰাজ্যৰ একাংশ ধৰ্মীয় অনুষ্ঠানে নিবনুৱা যুৱক-যুৱতীৰ স্বাৱলম্বিতাৰ পথ বন্ধ কৰিব বিচৰা এনে হঠকাৰী কাৰ্যই অনাগত সময়ত বিৰূপ প্ৰভাৱ পেলাব ৷

slug-as-mrg-28thmay-PIG & BROILER-805-vis-byte-as10005

Anchorintro : এইবাৰ গাহৰি আৰু কুকুৰা পালনত নিষেধাজ্ঞা  আৰোপ ৰাজ্যৰ আন এটা ধৰ্মীয় সংগঠনৰ । এইবাৰ বিৰ্তকৰ আওতালৈ আহিছে একশৰণ নামধৰ্ম জনজাতি সমাজ। 
             VO:সোমবাৰে বিয়লি মৰিগাঁও জিলা মিডিয়া ক্লাবত একশৰণ নামধৰ্ম জনজাতি সমাজৰ পদাধিকাৰ সূচিত্ৰ কালিয়া, প্ৰধান সচিব ডিম্বেশ্বৰ দেউৰী, মূখ্য প্ৰচাৰক বিজন পাটৰ প্ৰমুখ্যে ধৰ্মীয় নেতৃত্বতই সংবাদ মাধ্যমৰ আগত শ্ৰীমন্তশঙ্কৰদেৱৰ অনুগামীসকল এক গভীৰ ধৰ্ম সংকটৰ সন্মুখীন হোৱা বুলি কয় । এই ধৰ্মীয় সমস্যাটো হৈছে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলা আৰু খোৱাক কেন্দ্ৰ কৰি ৷ জনজাতি সমাজ যিহেতু শংকৰদেৱৰ অনুগামী ভক্ত সেয়ে গুৰু জনাৰ খাদ্যভাষ অনুসৰি নিৰামিষ ভূজন কৰাটো প্ৰয়োজন ৷ গুৰুজনাৰ ধৰ্মত ব্ৰতী থাকিবলৈ হলে গাহৰি আৰু মুৰ্গীৰ ফাৰ্ম খোলা আৰু ভক্ষণ কৰাটো সমুলঞ্চে নিষিদ্ধ ৷ এই নীতি মানি নচলা ভক্তক সংগী পদ বাতিল কিম্বা যিকোনো অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলিও জনজাতি সমাজৰ ধৰ্মীয় নেতৃত্বই সকীয়াই দিয়ে ৷
Byte : ধৰ্মীয় নেতা ৷
End V.O. : ইপিনে ধৰ্মৰ নামত ৰাজ্যৰ একাংশ ধৰ্মীয় অনুষ্ঠানে নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বীতাৰ পথ বন্ধ কৰিব বিচৰা এনে হঠকাৰীকাৰ্যই অনাগত সময়ত বিৰূপ প্ৰভাৱ পেলাব ৷

Ratuldeka. ETV bharat. Morigaon. 

Footage by ftp
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.