ETV Bharat / state

ধৰ্ষণৰ বলি হৈ অন্তঃসত্ত্বা কিশোৰী - ধৰ্ষণৰ বলি হৈ অন্তঃসত্ত্বা কিশোৰী

মৰিগাঁৱৰ চৰাইবাহীত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ এগৰাকী পিতৃৰ বয়সৰ ব্যক্তিয়ে নিৰ্যাতন চলালে কিশোৰীক ৷

ধৰ্ষণ
ধৰ্ষণ
author img

By

Published : Nov 26, 2020, 7:45 PM IST

মৰিগাঁও,26 নৱেম্বৰ: মৰিগাঁৱত সংঘটিত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ এগৰাকী 53 বছৰীয়া ব্যক্তিয়ে ধৰ্ষণ কৰে এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ৷ এই ঘটনা সংঘটিত হৈছে জিলাখনৰ চৰাইবাহী অঞ্চলত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মিকিৰভেটা আৰক্ষী থানাৰ চৰাইবাহী মৌজাৰ মেধিগাঁৱৰ নোমল বৰদলৈ নামৰ এগৰাকী ব্যক্তিয়ে এগৰাকী কিশোৰীক ধৰ্ষণ কৰে ৷ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীক বিভিন্ন প্ৰলোভন দি ব্যক্তিগৰাকীয়ে দৈহিক সম্পৰ্ক স্থাপন কৰে ৷ বিগত চাৰি মাহে ব্যক্তিগৰাকীয়ে চলোৱা এনে আতিশয্যৰ পিছত কিশোৰীগৰাকী অন্তঃসত্ত্বা হয় ৷

বুধবাৰে নিশা কিশোৰীগৰাকীয়ে এই বিষয়ে মাতৃক অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ কিশোৰীগৰাকীৰ মাতৃয়ে স্থানীয় ৰাইজৰ সহযোগত ৰাইজমেলৰ আহ্বান কৰে ৷ উক্ত ৰাইজমেলতে অভিযুক্তই নিজৰ দোষ স্বীকাৰ কৰে যদিও সুযোগ বুজি মেলৰ পৰা পলায়ন কৰে ৷ উপায়বিহীন পৰিয়ালটোৱে ৰাইজৰ সহযোগত ঘটনা সন্দৰ্ভত স্থানীয় মিকিৰভেটা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷

শুকুৰবাৰে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৷ সম্প্ৰতি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি দোষীক বিচাৰি আৰম্ভ কৰিছে অভিযান ৷

লগতে চাওকঃ লেপেটকটাৰ পথ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.