মৰিগাঁও,14 ডিচেম্বৰ : তুংগত উঠিছে তিৱা স্বায়ত্বশাসন পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ৷ পৰিষদৰ অন্তৰ্গত প্ৰতিটো সমষ্টিতে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰে নেতা কৰ্মী সকল ৷ সমান্তৰালকৈ নৃত্য গীতেৰে ভোটৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছী নেতা-কৰ্মী সকল ৷ সোমবাৰে ঐতিহ্যমণ্ডিত জোঙালবলহু পৰিষদীয় সমষ্টিত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মুকুট কুমাৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷
সমষ্টিটোৰ বালিপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ঐতিহাসিক জোঙালবলহু পৰিষদীয় সমষ্টিত ৰাইজৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ এইমচ খনটো নিলেই, এটা ল'ৰাকো হত্যা কৰি ৰহাত টোলগেট বহুৱাই বিজেপি চৰকাৰে লুন্ঠন কৰিছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
সেয়েহে কংগ্ৰেছক ৰাইজে ভোট দিব আৰু এখন নিকা স্বচ্ছ তিৱা স্বায়ত্বশাসন পৰিষদ গঠন হ'ব বুলি দাবী কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ লগতে জোঙালবলহু পৰিষদীয় সমষ্টিটোত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মুকুট কুমাৰ কোঁৱৰ জয়ী হোৱাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰে নেতা গৰাকীয়ে ৷
লগতে পঢ়কঃ তুংগত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি