ETV Bharat / state

Ex MLA Jonjonali Barua Death:সদ্যপ্ৰয়াত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত কংগ্ৰেছৰ নেতৃবৃন্দ - প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা

সদ্যপ্ৰয়াত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত মঙলবাৰে নিশা উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন আৰু লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ নাজাৰ (Jonjonali Barua death news) ।

rakibul hussain bhupen bora
মৰিগাঁও সমষ্টিৰ বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান
author img

By

Published : May 31, 2023, 9:45 AM IST

Updated : May 31, 2023, 10:25 AM IST

মৰিগাঁও সমষ্টিৰ বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান

মৰিগাঁও, 31 মে’ : প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসানৰ পিছত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধান সভাত বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন । মঙলবাৰে দুই কংগ্ৰেছ নেতাই নিশাৰ ভাগত মৰিগাঁও চহৰত থকা প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল তথা আত্মীয়ৰ সৈতে মতবিনিময় কৰি সান্ত্বনা দিয়ে (Former MLA Jonjonali Barua) ।

চামগুৰি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে সপত্নীক উপস্থিত হয় সদ্যপ্ৰয়াত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত ৷ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে কয় যে সদ্যপ্ৰয়াত প্ৰাক্তন সংসদীয় সচিব তথা একেধাৰে তিনিবাৰকৈ মৰিগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়িকা হিচাপে কাম কৰা জোনজোনালী বৰুৱা কেৱল যে ৰাজনৈতিক ভাৱেই মৰিগাঁও সমাজখনৰ সৈতে জড়িত তেনে নহয়, তেখেতে জিলা ক্ৰীড়া সন্থাৰ সভানেত্ৰী পদৰ আসনখনো অলংকৃত কৰিছিল আৰু জিলাখন ক্ৰীড়া ক্ষেত্ৰক এক অন্যন্য মাত্ৰা প্ৰদান কৰিছিল (Former MLA Jonjonali Barua death) ৷

প্ৰাক্তন বিধায়িকা গৰাকীৰ স্বামী ক্ষীৰোদ বৰুৱাৰ প্ৰসংগ টানি আনি ৰকিবুল হুছেইনে কয়‌ যে ক্ষীৰোদ বৰুৱাৰ দিনৰে পৰা মৰিগাঁৱত কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰা প্ৰাক্তন বিধায়িকা গৰাকীৰ পৰিয়ালৰ সৈতে কংগ্ৰেছ দল সদায়ে আছে ৷ বিগত কংগ্ৰেছ আমোলাৰ ক্ৰমে প্ৰয়াত ডাঃ নজৰুল ইছলাম, বিবেকানন্দ দলৈ আৰু সদ্যপ্ৰয়াত জোনজোনালী বৰুৱাই মৰিগাঁও জিলাত কংগ্ৰেছৰ ভেঁটি শক্তিশালী কৰাৰ লেখীয়াকৈ লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ নাজাৰক সেই দায়িত্ব পালন কৰিবলৈ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে আহবান জনায় ।

ইফালে জোনজোনালী বৰুৱাৰ এই বিয়োগৰ খবৰ লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক সহ কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতাই ফোনযোগে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে । মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকা, লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰকে ধৰি ভালে সংখ্যাক কংগ্ৰেছী নেতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ইমদাদুৰ হুছেইনকে প্ৰমুখ্য কৰি ভালে সংখ্যক কংগ্ৰেছী নেতা উপস্থিত হয় তেওঁলোকৰ ঘৰত । আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই দিল্লীৰ পৰা মৰিগাঁৱত উপস্থিত হৈ ইহলীলা সম্বৰণ কৰা জোনজোনালী বৰুৱাৰ শোক সন্তপ্ত পৰিয়ালটিক সমবেদনা জনাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বিয়োগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাবে এক বৃহৎ ক্ষতি বুলি সদৰী কৰে ৷

লগতে পঢ়ক : Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত দোষীক ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে; ৰিপুণ বৰা

Last Updated : May 31, 2023, 10:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.