ETV Bharat / state

Assam BJP in controversy : ৰমাকান্ত দেউৰীৰ চিৰবৈৰী পৱন মান্তাৰ সৈতে কি কথা পাতিলে ৰাজেন গোঁহায়ে ?

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 11:12 AM IST

মন্ত্ৰী পীযুষ হাজৰীকাৰ পিছত এইবাৰ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ সৈতে বৈঠকত মিলিত হয় প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁই ৷ ব্যক্তিগত সম্পৰ্কৰ বাবেহে মান্তাক সাক্ষাৎ কৰা বুলি সংবাদ মাধ্যমৰ আগত কয় গোহাঁয়ে ৷

Rajen Gohain held a secret meeting at Pawan Mantas Morigaon residence
প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁই

মৰিগাঁও, 1 ছেপ্তেম্বৰ: ‘‘পৱন মান্তাই আগন্তুক বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নে নাই সেই সব কথাত মই ইয়ালৈ অহা নাই । পৱন মান্তা মোৰ পুৰণা বন্ধু । তেওঁৰ গা বেয়া বাবে মই খবৰ এটা ল’বলৈ আহিছো ৷’’ বৃহস্পতিবাৰে মৰিগাঁৱত এই মন্তব্য আগবঢ়াইছে প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁইয়ে । বুধবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ সংবাদ মাধ্যমৰ পৰা আঁতৰি চলাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা ৰাজেন গোহাঁয়ে ।

সেই হ'লেও সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত তেওঁ কয় যে, এতিয়া আমাৰ দলৰ শাসন চলি আছে ইয়াত সকলো জাতি জনগোষ্ঠীয়ে অ-সুৰক্ষিত নহয় । উল্লেখ্য যে, মন্ত্ৰী পীযুষ হাজৰীকাৰ পিছত ৰাজেন গোঁহায়ে গোপন বৈঠকত বহিল পৱন মান্তাৰ বাসগৃহত । মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ চিৰবৈৰী পৱন মান্তাক সাক্ষাৎ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ সংবাদ মাধ্যমৰ পৰা আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে ৰাজেন গোহাঁইক ।

উল্লেখ কৰা প্ৰয়োজন যে, মৰিগাঁও বিজেপিত ৰমাকান্ত দেউৰীয়ে মুকলিকৈ বিসম্বাদ প্ৰকাশ কৰাৰ পিচত পিছত ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক অংক । কিছুদিন আগত মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য পৱন মান্তাৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকা । তাৰ পিছৰে পৰা ৰাজনৈতিক মহলত বিশেষ চৰ্চিত হৈ পৰিছিল পৱন মান্তা ।

লক্ষণীয় কথা এই যে বৃহস্পতিবাৰে হঠাৎ ৰমাকান্ত দেউৰীৰ চিৰ বৈৰী হিচাপে জনাজাত পৱন মান্তাৰ ঘৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত গোপন বৈঠক অনুষ্ঠিত কৰাৰ খবৰ পোৱা গৈছে । এই বৈঠকত উপস্থিত আছে মৰিগাঁৱৰ পুৰণি বিজেপিৰ সদস্যসকল । এই সাক্ষাতে সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Bhupen Bora to BJP: কংগ্ৰেছৰ অফিচটো দেখিবলৈ বেয়া কিন্তু মানুহবিলাকৰ অন্তৰ ভাল; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.