ETV Bharat / state

মৰিগাঁৱৰ বৰচিলাত টায়াৰ জ্বলাই প্ৰতিবাদ প্ৰতিবাদকাৰীৰ

author img

By

Published : Nov 23, 2020, 1:33 PM IST

কেবাটাও দাবীৰ প্ৰতিবাদত সোমবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ ঘোষণা কৰিছিল সংগঠনটোৱে । শান্তিপূৰ্ণ ভাৱে অব্যাহত আছে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷

মৰিগাঁৱৰ বৰচিলাত টায়াৰ জ্বলাই প্ৰতিবাদ প্ৰতিবাদকাৰীৰ
মৰিগাঁৱৰ বৰচিলাত টায়াৰ জ্বলাই প্ৰতিবাদ প্ৰতিবাদকাৰীৰ

চামগুৰি,23 নৱেম্বৰঃ তিৱা স্বায়ত্ব পৰিষদৰ ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ প্ৰভাৱ পৰা দেখা গ'ল মৰিগাঁৱত জিলাত ৷ সোমবাৰে সংগঠনটোৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত মৰিগাঁৱৰ বৰচিলাত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ একাংশ কৰ্মীয়ে৷

১২ ঘন্টীয়া মধ্য অসম বন্ধৰ প্ৰভাৱ
১২ ঘন্টীয়া মধ্য অসম বন্ধৰ প্ৰভাৱ

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত জনজাতিৰ সংৰক্ষিত আসন হ্ৰাস কৰা,বাদ পৰি ৰোৱা তিৱা গাঁওসমূহক পৰিষদত অন্তৰ্ভুক্ত কৰা আৰু ASCRDA আইন, ২০১৭ তিৱা পৰিষদৰ পৰা প্ৰত্যাহাৰ কৰা আদি কেবাটাও দাবীৰ প্ৰতিবাদত সোমবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ ঘোষণা কৰিছিল সংগঠনটোৱে । তাৰ পিচতে আজি মৰিগাঁও জিলাৰ বৰচিলাত টায়াৰ জ্বলাই তিৱা ছাত্ৰ সন্থাৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্যে যে বন্ধৰ সময়ছোৱাত কোনোধৰণৰ বিক্ষিপ্ত ঘটনাৰ তথ্য লাভ কৰা নাই ৷ শান্তিপূৰ্ণ ভাৱে অব্যাহত আছে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে চাওকঃ মধ্য অসমত আজি 12 ঘণ্টীয়া বন্ধৰ আহ্বান তিৱা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.